NORTHEAST NOW (Assamese)

Video|| যোৰহাটত ৰাজপথতে জুই পতি-পত্নী গৈ থকা মাৰুতিত, কথমপি প্ৰাণৰক্ষা

April 26, 2019 6:50 am · এন ই নাও নিউজ
Updated: April 26, 2019 6:53 am

যোৰহাট ন আলিত বৃহস্পতিবাৰে ৰাজপথতে পতি-পত্নীসহ এখন মাৰুতি গাড়ীত জুই লাগে। সৌভাগ্যক্ৰমে দুয়োগৰাকী আৰোহীৰে কথমপি প্ৰাণৰক্ষা পৰিছে।

জানিব পৰা মতে এ পি দি চি এল কাৰ্য্যালয়ৰ সমীপতে গৈ থকা অৱস্থাতে অকস্মাত গাড়ীখনত জুই লাগে, কিন্তু গাত জুই লগাৰ পূৰ্বেই গাড়ীখনৰ পৰা নামিবলৈ সক্ষম হয় লোককেইজন।

পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও গাড়ীখন সম্পূৰ্ণৰূপে জুইত জাহ যায়।

জানিব পৰা মতে দিগন্ত পাঠক নামৰ এজন লোকৰ গাড়ীখন দেউতাকে চলাই লৈ গৈছিল। পত্নীৰ সৈতে লোকজন এ পি দি চি এল কাৰ্য্যালয়ত বিজুলী বিল পৰিশোধৰ বাবে গৈছিল।

প্ৰথমতে গাড়ীখনৰ পৰা ধোঁৱা ওলোৱা দেখি চালক পাঠকে এবটল পানী ঢালি জুই নুমুৱাবৰ চেষ্টা কৰিছিল, কিন্তু তাৰ পিছতে দাওদাওকৈ জুয়ে গাড়ীখন আগুৰি ধৰে।

পূৰ্ণানন্দ শইকীয়া নামৰ এজনৰ পৰা কিছুদিন পূৰ্বে দিগন্ত পাঠকে গাড়ীখন কিনিছিল বুলি জানিব পৰা গৈছে।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ কাৰণেই গাড়ীখনত জুই লাগিল বুলি সন্দেহ কৰা হৈছে।

Related News