NORTHEAST NOW (Assamese)

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতে দপদপাই জ্বলা তেল টেংকাৰক লৈ নুমলীগড়ত চাঞ্চল্য

April 25, 2019 9:30 pm · উত্তম শইকীয়া
Updated: April 25, 2019 9:31 pm
নুমলীগড়ত বৃ্হস্পতিবাৰে সন্ধ্যা জ্বলি থকা টেংকাৰখন। ছবি-- নৰ্থ ইষ্ট নাও।

বোকাখাতৰ নুমলীগড়ত ৩৭নং ৰাষ্ট্ৰীয় পথতে বৃহস্পতিবাৰে সন্ধিয়া দপদপাই জ্বলি উঠে এখন তেল পৰিবাহী খালী টেংকাৰ।

আকস্মিকভাৱে টেংকাৰখন (নং AS-05B-7471) জ্বলি উঠাত নুমলীগড়ত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে বোকাখাত আৰক্ষীৰ হস্তক্ষেপত অগ্নিনিৰ্বাপক বাহিনীয়ে কম সময়ৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ৰাজপথতে টেংকাৰখন জ্বলি উঠাত ৰাইজৰ মাজত হুৱা-দুৱা লগাৰ লগতে কিছুসময়ৰ বাবে বন্ধ হৈ পৰে উজনি-নামনিৰ যোগাযোগ।

ঘটনাটোক লৈ আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজতো এক খণ্ডযুদ্ধ লাগিছিল যদিও সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন৷

নুমলীগড়ৰ লাডুলাল জৈন এণ্ড চানজ নামৰ তেল ডিপোটোৰ কাষতে টেংকাৰখন ৰাখি থোৱা আছিল। টেংকাৰখন ডিপোটোৰ তেল কঢ়িওৱা কামতে ব্যৱহৃত হৈছিল।

Related News