NORTHEAST NOW (Assamese)
অসম

বাছ ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ : ২ অক্টোৱৰ সময়সীমা বান্ধি দিলে মালিক সন্থাই

Posted by: এন ই নাও নিউজ September 15, 2018 7:18 am
ghy-570x320

ৰাজ্যত বাছৰ ভাৰা বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাইছে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত শীঘ্ৰেই বাছৰ ভাৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিয়ন্ত্ৰনহীনভাৱে ক্ৰমে বৃদ্ধি পোৱা পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক প্ৰভাৱ পেলোৱাৰ দিশে আগবাঢ়িছে।

ইয়াৰ মাজতে সদৌ অসম বেচৰকাৰী বাছ মালিক সন্থাই ৰাজ্যখনত বাছৰ ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰিছে। অহা ২ অক্টোৱৰ সময়সীমা বান্ধি দি সন্থাই বাছৰ ভাৰা বৃদ্ধি নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰো দিছে।

জানিব পৰা মতে বেচৰকাৰী মালিক সন্থাই ১০ ৰ পৰা ৫০ শতাংশ পৰ্যন্ত বাছ ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ দিছে। ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবেই বাছ ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে যদিও এই হাৰত ভাৰা বৃদ্ধি হ’লে ৰাজ্যখনৰ সৰ্বসাধাৰণৰ মূৰত ডাঙৰ বোজা আহি পৰাৰ সম্ভাৱনা আছে।

দূৰণিবটীয়া বাছসেৱাৰ লগতে চিটীবাছসমূহৰ ভাৰাও সেই অনুপাতে বহু পৰিমানে বৃদ্ধি পাব আৰু ৰাইজৰ বাবে যাতায়ত অধিক ব্যয়বহুল হৈ পৰিব।

আনহাতে, ৰাজহুৱা পৰিৱহন ব্যৱস্থাই জোৰা মাৰিব পৰাকৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত বেচৰকাৰী বাছসেৱাৰ দপ্দপনি বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে।