NORTHEAST NOW (Assamese)
অসম

ক’ভিড পৰিস্থিতিৰ বাবে গভীৰ সংকটত পৰা বাছ মালিকসকলক চৰকাৰৰ ৰাম টাঙোন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 16, 2021 3:08 pm
hh

সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়ত বন্ধৰ বাবে পানীত হাঁহ নচৰা অৱস্থা এতিয়া ৰাজ্যৰ হাজাৰ হাজৰ বাছ মালিক আৰু কৰ্মচাৰীৰ।

তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি পৰিল চৰকাৰ। ৩০ ছেপ্তেম্বৰৰ ভিতৰত যান-বাহনৰ ব্যৱসায়ীক কৰ আদায় দিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ পিছতে হাহাকাৰ লাগিছে বাছ মালিকসকলৰ মাজত।

দীৰ্ঘদিন ধৰি শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত পৰি আছে শ শ যাত্ৰীবাহী বাছ।

ৰাজ্যত ক’ভিড পৰিস্থিতিৰ বাবে  দীৰ্ঘদিন ধৰি বন্ধ আছিল বাছ চলাচল। যাৰ বাবে বাছৰ ঋণৰ কিস্তি দিয়াত অসুবিধা হোৱাৰ লগতে এখন বাছত নিয়োজিত তিনিজন কৰ্মচাৰী তথা পৰিয়ালক পোহপাল দিয়াৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে বাছ মালিকসকল।

ইয়াৰোপৰি বহুদিন বাছ সমূহ চলাচল নকৰাৰ বাবে যন্ত্ৰ-পাতি বিকল হৈ পৰিছে।

যাৰ বাবে বাছ মালিক সকলে চৰকাৰক পত্ৰ লিখি আবেদন কৰিছিল বাছৰ ঋণৰ সুত মাফ কৰি দিবলৈ আৰু তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰিবলৈ।

কিন্তু চৰকাৰে এই সকল বাছ মালিকৰ কথাক গুৰুত্ব নিদি অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত কৰ দিবলৈ নিৰ্দেশ দিয়াত চিন্তিত হৈ পৰিছে বাছ মালিক সকল।