NORTHEAST NOW (Assamese)

সংকটৰ সময়ত আৰ্তজনৰ কাষত থিয় হ’ল অসম যুৱ পৰিষদৰ উপ সভাপতি দিলীপ দাস

April 27, 2020 9:48 pm · এন ই নাও নিউজ
Updated: April 27, 2020 10:24 pm
ফটো : নৰ্থ-ইষ্ট নাও

কোভিদ-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সম্প্ৰতি চলি থকা লকডাউনৰ সময়ছোৱাত নলবাৰীৰ অভাৱগ্ৰস্ত দুখীয়া-দিন হাজিৰা কৰা লোকসকলক কিছু সহায় কৰাৰ মানসিকতাৰে আগবাঢ়ি আহিছে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উপ সভাপতি দিলীপ দাস।

ৰাজনৈতিক নেতা তথা বিশিষ্ট ব্যৱসায়ী দিলীপ দাসৰ উদ্যোগত আৰু নলবাৰী জিলা যুৱ পৰিষদৰ সহযোগত আজি চহৰৰ গণেশ মন্দিৰ, ধনতোলা আৰু হৰিমন্দিৰ প্ৰাংগণত মুঠ ২০০ টা দুখীয়া পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

প্ৰতিটো পৰিয়ালক চাউল, দাইল, মিঠাতেল, আলু, পিঁয়াজ, গাখীৰ, বিস্কুট, চাবোন আদি যোগান ধৰাৰ লগতে মাস্কো প্ৰদান কৰে।

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত দিলীপ দাসৰ উপৰি নলবাৰী জিলাৰ যুৱ পৰিষদৰ প্ৰাক্তন সম্পাদক মনোজ কুমাৰ শৰ্মা, বৰ্তমানৰ সম্পাদক গকুল মহন্ত, দীপক ৰাজবংশীৰ লগতে আন আন সদস্যসকল উপস্থিত থাকে।

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহ বিতৰণ কালত নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰা হয়।

লকডাউনৰ সময়ছোৱাত অভাৱগ্ৰস্ত লোকসকলে খাদ্য সামগ্ৰীসমূহ লাভ কৰি উৎফুল্লিত হয় আৰু ৰাজনীতিবিদ তথা ব্যৱসায়ী দিলীপ দাস আৰু নলবাৰী জিলা যুৱ পৰিষদৰ এই প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লয়।

ইফালে দিলীপ দাসে তেওঁৰ এই প্ৰচেষ্টা অনাগত দিনত নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত অব্যাহত ৰাখিব বুলি উল্লেখ কৰে।

Related News