NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2025 10:39 am
ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ

চন্দ্ৰপুৰম পন্নুছামি ৰাধাকৃষ্ণনে শুকুৰবাৰে (১২ ছেপ্টেম্বৰ, ২০২৫) ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক চমু অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৬৭ বছৰীয়া ৰাধাকৃষ্ণন ডাঙৰীয়াক শপত বাক্য পাঠ কৰোৱায়।

ৰঙা কুৰ্তা পিন্ধি ৰাধাকৃষ্ণনে ভগৱানৰ নামত ইংৰাজীত শপত গ্ৰহণ কৰিলে।

উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী দলৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক ১৫২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি ৰাধাকৃষ্ণনে জয়লাভ কৰে।

যোৱা ২১ জুলাইত স্বাস্থ্যজনিত সমস্যাক লৈ তেতিয়াৰ বর্তমানৰ জগদীপ ধনখৰে হঠাৎ পদত্যাগ কৰাৰ বাবেই এই নির্বাচন অনুষ্ঠিত কৰা হৈছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ সভাপতি জে পি নড্ডাও এই অনুষ্ঠানত উপস্থিত থাকে

অনুষ্ঠানত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰী আৰু ভেংকয়া নাইডুও উপস্থিত থাকে।