NORTHEAST NOW (Assamese)

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নেড্ডাই ক’লে, ‘ক’ৰ’ণা গ’লেই দেশত বলৱৎ কৰা হ’ব CAA’

October 19, 2020 9:34 pm · এন ই নাও নিউজ

দেশত মহামাৰী ক’ৰ’ণাৰ সন্ত্ৰাস বন্ধ হ’লেই বলৱৎ কৰা হ’ব CAA। এই ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নেড্ডাই।

সোমবাৰে পশ্চিমবংগৰ শিলচৰত অনুষ্ঠিত এখন দলীয় সভাত এই ঘোষণা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয়, “সংশোধিত নাগৰিকত্ব আইন পূৰ্বতেই সংসদত গৃহীত হৈ আছে। এইখন কেৱল কাৰ্যকৰী কৰিলেই হ’ল।”

“আইনখন কাৰ্যকৰী কৰাৰ বাবে আইনী বিধিও তৈয়াৰ কৰি থোৱা হৈছে। কিন্তু ক’ৰ’ণা মাহামাৰীৰ কাৰণে এই কামত ব্যাঘাত জন্মিছে।” লগতে তেওঁ কয়।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ মতে ক’ৰ’ণা মহামাৰীৰ প্ৰভাৱ কমিলেই দেশত এই বিধি তৈয়াৰী কাম সম্পূৰ্ণ কৰা হ’ব।

উল্লেখ্য যে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত অসমৰ লগতে সমগ্ৰ দেশত প্ৰৱল প্ৰতিবাদ কৰা হৈছিল।

বিলখন ৰাজ্যসভাত গৃহীত হোৱাৰ দিনাৰ পৰা কেবাদিনলৈ ইয়াৰ বিৰুদ্ধে হোৱা তীব্ৰ প্ৰতিবাদৰ বাবে অসম স্তব্ধ হৈ পৰিছিল। প্ৰতিবাদৰ প্ৰাৱল্যত সন্ত্ৰস্ত হৈ চৰকাৰে প্ৰায় এটা পষেকৰ বাবে ইন্টাৰনেট সেৱাও বন্ধ কৰি দিছিল অসমত।

ইফালে ইয়াৰ বিৰুদ্ধে ৰাজধানী দিল্লীও কেবাদিনো উত্তাল প্ৰতিবাদত অচল হৈ পৰিছিল।

স্মৰ্তব্য যে, ক’ৰ’ণা মহামাৰী সংক্ৰমিত হোৱাৰ ফলত দেশত বলৱৎ কৰা লকডাউনৰ পিছৰে এই আন্দোলন স্তিমিত হৈ পৰে।

Related News