NORTHEAST NOW (Assamese)
অসম

কেব : শিৱসাগৰৰ বকতাত অমিত শ্বাহ আৰু সোণোৱালৰ পুত্তলিকা জ্বলালে আটাছুয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 7, 2019 1:00 pm
কেব : শিৱসাগৰৰ বকতাত অমিত শ্বাহ আৰু সোণোৱালৰ পুত্তলিকা জ্বলালে আটাছুয়ে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিত সদৌ অসম তাই আহোম ছাত্ৰ সন্থা (আটাছু )ই প্ৰতিবাদ সাব্যস্ত কৰে।

বকতা নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আটাছুৰ বকতা নেমুগুৰি আঞ্চলিকৰ সদস্যসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ‘বিজেপি গ’ বেক, জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, অমিত শ্বাহ গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক’ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আটাছু শিৱসাগৰ জিলাৰ সহকাৰী সম্পাদক প্ৰদীপ দিহিঙীয়াই কয় যে, ‘যদি উত্তৰ-পূবৰ আন ৰাজ্যই এই বুজা নলয় আমি কিয় ল’ম? পৰিস্থিতি দিনক দিনে অন্য ফালে গৈ আছে। আমাৰ দাবী মানি ন’ললে ইয়াতকৈ জংগী ৰূপত আটাছুক দেখা পাব।’

তেওঁৰ উপৰি শিৱসাগৰ মহকুমা সমিতিৰ সহকাৰী সম্পাদক মাধূৰ্য্য খঙীয়াই কয়, ‘প্ৰয়োজনত হয় তেজ দিম, নহয় তেজ লম ইয়াৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ দায়ী হ’ব।’

‘বাংলাদেশী সদায় বাংলাদেশীয়ে তেওঁ হিন্দু হওঁক মুছলমান সকলো ভাৰতৰ বাবে অবৈধ বুজা, আগৰ পৰাই মুছলমান বাংলাদেশীৰ নামত এগাল সাপ অসমত আছেই এইবাৰ হিন্দু নামত আৰু এগাল সাপ আনি ঘৰৰ ভিতৰত লোৱাটো অসমীয়া জাতিৰ ভৱিষ্যৎৰ প্ৰতি অতি বিপদজনক।’ তেওঁ লগতে কয়।