NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত লোহাৰ গেইট ভাঙি বিজেপিৰ সাংসদৰ বাসগৃহত প্ৰৱেশ আন্দোলনকাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2019 6:39 pm
Protest in front of Queen Ojha's Residence

আজি ভয়ংকৰ মূৰ্তি ধাৰণ কৰা “কেব”-বিৰোধী আন্দোলনকাৰীয়ে নিৰাপত্তাৰক্ষীৰ বাধা ব্যৰ্থ কৰি বিজেপিৰ গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজাৰ বাসগৃহৰ মূল গেইট ভাঙি চৌহদত প্ৰৱেশ কৰে।

গান্ধীবস্তিত থকা সাংসদগৰাকীৰ চৌহদত লোহাৰ গেইট ভাঙি প্ৰৱেশ কৰাৰ পিছতে আন্দোলনকাৰীসকলে সাংসদগৰাকীৰ ঘৰৰ চোতালতে ওজাৰ প্ৰতিকৃতি দাহ কৰে আৰু গচকি গচকি অপমান কৰে।

তাৰোপৰি একেঠাইতে বিজেপিৰ পতাকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে।

সেই সময়ত সাংসদ ওজা ঘৰত কোন কোন আছিল এতিয়াও জানিব পৰা হোৱা নাই।

কোনো বিশেষ এটা সংগঠনৰ বেনাৰ নকঢ়িওৱা বৃহৎ সংখ্যক লোকৰ সন্মুখত নিৰাপত্তাৰক্ষী অসহায় হৈ চাই থাকিব লগীয়া হয়।

ইপিনে আন কিছুমান প্ৰতিবাদকাৰী আৰ জি বৰুৱা পথত থকা মন্ত্ৰী হিমন্তৰ বাসগৃহ ঘেৰাও কৰিবলৈও যায় যদিও আৰক্ষী বাটতে বাধা দিবলৈ সক্ষম হয়।