NORTHEAST NOW (Assamese)
অসম

অগপ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ বাসগৃহ ঘেৰাও অসম প্ৰেমী যুৱ ছাত্ৰ পৰিষদৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 9, 2019 5:18 pm
Protest agaist CAB

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সময়তে আজি টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ টীয়কস্থিত বাসগৃহ ঘেৰাও কৰে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদকাৰী সকলে।

হাতত ভলুকা বাহৰ টুকুৰা লৈ প্ৰতিবাদকাৰী সকলে অপগৰ বিধায়িকা গৰাকীৰ বাসগৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

নাগৰিকত্ব সংশোধনী বিধেয়কক প্ৰসংগত অগপৰ সাংসদ, মন্ত্ৰী তথা বিধায়ক সকলে নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবীৰে প্ৰতিবাদ কাৰী সকলে ৰেনুপমা ৰাজখোৱাৰ বাসগৃহ ঘেৰাও কৰে।

প্ৰতিবাদকৰী সকলে বাসগৃহ ঘেৰাও কৰি কেব বাতিল কৰক, অতুল বৰা হায় হায়, কেশৱ মহন্ত হায় হায়, ৰেনুপমা ৰাজখোৱাই নিজৰ স্থিতি স্পষ্ট কৰক শ্লোগান দিয়ে।

উল্লেখযোগ্য যে, অসমৰ আঞ্চলিকতাবাদী দল অগপৰ নেতা, কৰ্মীসকলে সমগ্ৰ ৰাজ্যত কেব বিৰোধী প্ৰতিবাদকাৰী সকলৰ তীব্ৰ ৰোষৰ সন্মুখিন হ’বলগীয়া হৈছে।