NORTHEAST NOW (Assamese)
দেশ

কেবিনেটৰ সিদ্ধান্ত: মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰি কৰা হ’ল শিক্ষা দপ্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 4:25 pm
india_students_2.1910x1000

এতিয়াৰে পৰা দেশত মানৱ সম্পদ উন্নয়ন দপ্তৰ বুলি কোনো বিশেষ দপ্তৰ নাথাকিব।

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰি কেৱল শিক্ষা দপ্তৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেঠ বৈঠকত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনিৰ প্ৰস্তাৱটোত অনুমোদন জনোৱা হ’য়।

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক নেতৃত্বাধীন মানৱ সম্পদ উন্নয়ন দপ্তৰক এতিয়াৰে পৰা কেৱল শিক্ষা বিভাগ হিচাবে জনা যাব।

কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতিতো অনুমোদন জনায়। ১৯৮৬ চনতে গৃহীত ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধন ঘটোৱা হৈছিল ১৯৯২ চনত।

এয়াৰ পিছত প্ৰায় তিনিটা দশকৰ ধৰি শিক্ষা নীতিৰ কোনো সংশোধন ঘটোৱা হোৱা নাছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আমূল পৰিৱৰ্তন ঘটোৱা হ’ব বুলি ইংগিত দিছিল।

তাৰেই ফলশ্ৰুতিত আজি কেন্দ্ৰীয় কেবিনেটে শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ নাম সলনি কৰাৰ লগতে নতুন শিক্ষা নীতিতো অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী মোডীয়ে শিক্ষা খণ্ডত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে।