NORTHEAST NOW (Assamese)
অসম

প্ৰদুষণকাৰী হাঁহ কুকুৰাৰ ফাৰ্ম বন্ধ কৰাৰ নিৰ্দেশ কাচাৰ জিলা উপায়ুক্তৰ

Posted by: অপৰ্ণা লস্কৰ September 25, 2018 9:25 pm
poultry-farm-750x375

কাচাৰৰ উপায়ুক্ত ড০ এছ লক্ষননে দ্বাৰবন্দৰ সোণাচেৰাৰ এখন হাঁহ কুকুৰাৰ ফাৰ্ম বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই ফাৰ্মখনৰ নাম হৈছে বৰাক ভেলী লেয়াৰ ফাৰ্মিং প্ৰাইভেট লিমিটেড।

ভাৰতীয় দণ্ডবিধিৰ দফা ১৩৩ অনুসৰি ইয়াৰ আশ-পাশৰ এলেকাত প্ৰদুষণ সৃষ্টি কৰা বাবে এই ফাৰ্মখন বন্ধ কৰাৰ আদেশ দিছে।

উল্লেখ্য যে এই ফাৰ্মখনৰ বাবে অনুমতি বিচাৰি মাহৰ পাছত মাহ ধৰি জিলা উপায়ুক্তৰৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিভাগৰ কাৰ্যালয়, শ্ৰম কাৰ্যালয় আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি যোৱা বছৰ ছেপ্টেম্বৰত এই ফাৰ্মখন স্থাপন কৰিছিল। এই ফাৰ্মখনত ৪৮,০০০ কণী দিয়া হাঁহ কুকুৰা আছে।

অভিযোগ অনুসৰি, এই ফাৰ্মখনে ইয়াৰ আশ-পাশৰ এলেকাৰ জীৱন দুৰ্বিষহ কৰি তুলিছে।

নৰ্থ-ইষ্ট নাওৰ আগত পৰিৱেশ সুৰক্ষা কমিটী নামৰ সংস্থাটোৰ সম্পাদক ধৰ্মেন্দ্ৰ তিৱাৰীয়ে কৈছে, ‘‘আমি যোৱা বছৰ আমি জিলা উপায়ুক্তৰ কাৰ্যালয়, প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ ওচৰত বহুবাৰ অভিযোগ উত্থাপন কৰিছিলোঁ। এই ফাৰ্মখনৰ দ্বাৰা প্ৰায় ১৫০০ বাসিন্দা বিৰূপভাৱে প্ৰভাৱিত হৈছে আৰু প্ৰায় ১০,০০০ লোক পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। তাৰ পাছত আমি এই সন্দৰ্ভত তথ্য জনাৰ অধিকাৰৰ বাবে আৱেদন কৰিছিলোঁ আৰু গম পাইছিলোঁ যে এনেধৰণৰ ফাৰ্ম ৰাষ্টাৰ কাষত. নদীৰ কাষত স্থাপন কৰিব নোৱাৰি। ইমান দিনে এই ফাৰ্মখনে এই আইনলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি চলি আছিল।

তিৱাৰীয়ে আৰু কৈছে, ‘‘তাৰোপৰি, এই ফাৰ্মখনে  বিজুলী সৰবৰাহ কৰা উচ্চ ভল্টেজৰ তাঁৰৰ পৰা প্ৰত্যক্ষভাৱে হাকোঁটা লগাই ইয়াৰ চৌহদত বিজুলী যোগান ধৰি আহিছিল, আৰু উক্ত বিষয়টো উপায়ুক্তৰ দৃষ্টিগোচৰ কৰা হৈছিল।’’

তিৱাৰীয়ে আৰু কৈছে যে তেওঁলোকে নিয়োগ সৃষ্টি কৰা কাৰখানা, ফাৰ্ম নিৰ্মাণ কৰাটো বিচাৰে যদিও স্বাস্থৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কোনো কাম হোৱাটো নিবিচাৰে।