NORTHEAST NOW (Assamese)

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am · এন ই নাও নিউজ, গুৱাহাটী

কাছাৰ জিলাৰ উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত পাংগ্ৰামত থকা এটা লো নিৰ্মাণ কাৰখানাত (আইৰণ কাষ্টিং ইউনিট) দেওবাৰে সংঘটিত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কাৰখানাটোৰ স্বত্বাধিকাৰীসহ পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কাৰখানাটোত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত এই লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে দেওবাৰে সংঘটিত এই ভয়ংকৰ বিস্ফোৰণত চাৰিজন শ্ৰমিকৰ কৰুণ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছিল।

 

কাৰখানাটোৰ স্বত্বাধিকাৰী ৰাকেশ কুমাৰ সুৰানাক সোমবাৰে, অৰ্থাৎ ২৭ জুলাইত গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হয়। পৰৱৰ্তী সময়ত তেওঁক জেৰাৰ বাবে কাছাৰৰ উধাৰবন্দ আৰক্ষী থানালৈ লৈ যোৱা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, কাৰখানাটোত শ্ৰমিকৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা বাহাল নৰখাৰ লগতে চৰম গাফিলতিৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বে ঘটনাৰ লগে লগে আটক কৰা কাৰখানাৰ পৰিচালককে ধৰি আন চাৰিজন লোককো সোমবাৰে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়।

 

উল্লেখ যোগ্য যে দেওবাৰে পাংগ্ৰামত থকা এটা চৌহদৰ পৰা পৰিচালিত উক্ত লো গলোৱা কাৰখানাটোত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, নিহত চাৰিজন শ্ৰমিকক কিৰণ মুণ্ডা, আপ্পু বৰাইক, শ্যামল গৌড় আৰু সাগৰ নাথ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ প্ৰাথমিক তদন্তৰ অন্তত তদন্তকাৰী বিষয়াসকলে সন্দেহ প্ৰকাশ কৰিছে যে কাৰখানাটোত লো গলাই থকাৰ সময়তে এল পি জি চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলতেই এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।

 

বৰ্তমান আৰক্ষীৰ সমান্তৰালকৈ ফৰেনছিক বিশেষজ্ঞৰ এটা দলেও কাৰখানাটো পৰিদৰ্শন কৰি বিস্ফোৰণৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে সূক্ষ্ম তদন্ত চলাব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নিহত প্ৰতিগৰাকী শ্ৰমিকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ  সাহাৰ্য ঘোষণা কৰিছে।

Related News