NORTHEAST NOW (Assamese)
অসম

CAA-NRC বিৰোধী বিজ্ঞাপন বন্ধৰ নিৰ্দেশ আদালতৰ; স্তব্ধ মমতাৰ দূৰন্ত ৰথ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2019 6:10 pm
885358-mamata-banerjee-nrc

CAA-NRC ৰ বিৰোধিতা কৰি পশ্চিমবংগ চৰকাৰে প্ৰচাৰ কৰা বিজ্ঞাপনৰ ওপৰত কলকাতা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।

সোমবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এই গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল। বিচাৰপীঠে উক্ত বিজ্ঞাপনৰ ওপৰত অন্তৰ্ৱতীকালীন স্থগিতাদেশ জাৰি কৰে।

ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পৰৱৰ্তী ৰায় নিদিয়ালৈকে যিকোনো সংবাদমাধ্যমত এই বিজ্ঞাপন প্ৰকাশ বা প্ৰচাৰ কৰিব নোৱাৰিব।

সংসদৰ দুয়োখন সদনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি ইয়াক আইনত পৰিণত কৰিলেও পশ্চিমবংগ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন মানিবলৈ সাজু নহয়।

ৰাজ্যখনত CAA বিৰোধী আন্দোলন অব্যাহত আছে আৰু তৃণমূলৰ নেতৃত্বতে ৰাজপথত আন্দোলনে তীব্ৰ ৰূপ লৈছে। কেবল সেয়াই নহয়, CAA-NRC ৰ বিৰোধিতা কৰি বিভিন্ন সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে।

ৰাজ্য চৰকাৰে কেনেদৰে কোনো আইনৰ বিৰোধিতা কৰিব পাৰে তাক লৈ কলকাতা উচ্চ ন্যায়ালয়ত তিনিটা পৃথক গোচৰ ৰুজু কৰা হৈছিল।

সোমবাৰে কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি বি ৰাধাকৃষ্ণনৰ বিচাৰপীঠত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয়।

শুনানিৰ সময়ত চৰকাৰী অধিবক্তাই জানিবলৈ দিয়ে যে যিকোনো ৰাজ্য চৰকাৰৰ এনে বিজ্ঞাপন দিয়াৰ অধিকাৰ আছে। বিপৰীতে বিৰোধী পক্ষৰ অধিবক্তাই এই দাবী মানিবলৈ অস্বীকাৰ কৰে।

দুয়োটা পক্ষৰে যুক্তি শুনাৰ পাছত মুখ্য ন্যায়াধীশ টি বি ৰাধাকৃষ্ণনৰ বিচাৰপীঠে CAA-NRC ৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা বিজ্ঞাপনৰ ওপৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰে।