NORTHEAST NOW (Assamese)
অসম

পত্নী নিৰ্যাতনৰ গোচৰত পুনৰ বিপদত ক্ৰিকেটাৰ ছামী; আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2020 9:20 am
post_image_fad577d

পত্নী নিৰ্যাতনৰ গোচৰত এইবাৰ বিপদত পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামী। বৃহস্পতিবাৰে কলকাতা হাইকোৰ্টে ছামী বিৰুদ্ধে জাননী জাৰি কৰে।

আদালতৰ ন্যায়াধীশ জয় সেনগুপ্তাই লগতে এই গোচৰত দিয়া আলিপুৰ আদালতৰ ৰায়ৰ ওপৰতো প্ৰশ্ন তোলে।

ন্যায়াধীশগৰাকীয়ে আলিপুৰ আদালতে দিয়া নিৰ্দেশক আইন সিদ্ধ নহয় বুলি উল্লেখ কৰি গোচৰটোত মহম্মদ ছামী আৰু ৰাজ্য চৰকাৰক জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়ে।

অহা দুসপ্তাহৰ ভিতৰত ছামীয়ে আদালতত হাজিৰ হৈ তেওঁৰ বক্তব্য ৰাখিব লাগিব।

উল্লেখযোগ্য যে ২০১৮ চনৰ মহম্মদ ছামী আৰু তেওঁৰ ককায়েকৰ বিৰুদ্ধে পত্নী নিৰ্যাতন, গাৰ্হস্থ্য হিংসাকে ধৰি কেইবাটাও অভিযোগত ছামীৰ পত্নী হাসিন জাহানে আদালতৰ শৰণাপন্ন হৈছিল।

ইয়াৰ পাছত কেইবাবাৰো আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পাছতো ছামী হাজিৰ নোহোৱাত আলিপুৰ আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱনা জাৰি কৰে।

উক্ত নিৰ্দেশৰ পাছত ছামীয়ে নিজৰ অধিবক্তাৰ সৈতে যোগাযোগ কৰে আৰু তাৰ পাছত আলিপুৰ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ছামী আৰু তেওঁৰ ককায়েকে আলিপুৰ ন্যায়াধীশৰ আদালতত গোচৰ তৰে।

দুই ভাতৃৰ বিৰুদ্ধে চলা তদন্তৰ ওপৰত আলিপুৰৰ আদালতখনে স্থগিতাদেশ জাৰি কৰে। কিন্তু এই আদেশৰ বিৰুদ্ধে ছামীৰ পত্নী হাসিন জাহানে যোৱা জানুৱাৰিত কলকাতা হাইকোৰ্টত গোচৰ দাখিল কৰে।

সম্প্ৰতি টীম ইণ্ডিয়াৰ সৈতে নিউজিলেণ্ড ভ্ৰমণত ব্যস্ত ক্ৰিকেটাৰ মহম্মদ ছামী। ন্যায়াধীশৰ নিৰ্দেশ অনুসৰি আগন্তুক দুসপ্তাহৰ ভিতৰতে আদালতত হাজিৰ হৈ ছামীয়ে তেওঁৰ বক্তব্য দাঙি ধৰিব লাগিব।

এই মুহূৰ্তত বিষয়টো ছামীৰ বাবে স্বাভাৱিকতে প্ৰায় অসম্ভৱ যদিও বাস্তৱত তেওঁ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।