NORTHEAST NOW (Assamese)
Popular Stories

জেলৰ ভিতৰতে গৰ্ভৱতী হৈছে মহিলা, জন্ম দিছে ১৯৬টা সন্তান; প্ৰতিবেদন বিচাৰিলে উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2024 11:57 am

পশ্চিম বংগৰ কাৰাগাৰৰ ভিতৰত বন্দী হৈ থকা বহু মহিলা গৰ্ভৱতী হৈছে। কিন্তু কেনেকৈ? এই কথা জনা নাযায়। বৃহস্পতিবাৰে কলকাতা উচ্চ ন্যায়ালয়ত এই প্ৰতিবেদন দাখিল কৰিছে ন্যায় মিত্ৰ (amicus curiae) তাপছ ভাঞ্জাই। তেওঁৰ মতে, কাৰাগাৰৰ ভিতৰত ১৯৬টা শিশুৰ জন্ম হৈছে। ভাঞ্জাৰ প্ৰতিবেদনত কোন সময়ত মহিলাসকল গৰ্ভৱতী হৈছিল সেই কথা কোৱা হোৱা নাই।

মুখ্য ন্যায়াধীশ টি এছ শিৱগানামৰ বিভাগীয় বিচাৰপীঠৰ সন্মুখত ভাঞ্জাই মহিলা কয়দীৰ কোঠাত জেলৰ পুৰুষ কৰ্মচাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আদালতে ভাঞ্জাক কাৰাগাৰসমূহ পৰিদৰ্শন কৰি তাত থকা অৱস্থাৰ প্ৰতিবেদন দিবলৈ কয়।

কলিকতা উচ্চ ন্যায়ালয়ে এই গোচৰটো অপৰাধমূলক বিচাৰপীঠলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ দিয়ে। সোমবাৰে এই বিষয়ত শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে।

লগতে পঢ়কঃ শিহৰণকাৰী! ফেচবুক লাইভ শেষ হোৱাৰ লগে লগে গুলীবিদ্ধ হৈ মৃত্যু শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা

ন্যায় মিত্ৰৰ (Amicus Curiae) ৰ টোকাত উল্লেখ আছে যে পশ্চিম বংগৰ বিভিন্ন কাৰাগাৰত প্ৰায় ১৯৬ টা শিশুৱে বসবাস কৰি আছে। ভাঞ্জাই কয় যে তেওঁ আলিপুৰৰ মহিলা সংস্কাৰ গৃহত ১৫ টা সন্তান – ১০ টা ল’ৰা আৰু ৫ গৰাকী ছোৱালী পাইছিল।

প্ৰতিবেদন অনুসৰি, ‘বন্দীসকলৰ সৈতে আলোচনাত দেখা গৈছে যে তেওঁলোকৰ কিছুমানে সংশোধনী গৃহৰ ভিতৰতে সন্তান জন্ম দিছিল।’ ন্যায় মিত্ৰৰ প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ বাবে বংগৰ জেলসমূহত পৰ্যাপ্ত চিকিৎসা আন্তঃগাঁথনি নাই। ন্যায় মিত্ৰই নিজৰ প্ৰতিবেদনত পৰামৰ্শ দিছে যে জেলত প্ৰৱেশৰ পূৰ্বে সকলো মহিলাৰ গৰ্ভাৱস্থা পৰীক্ষা কৰা উচিত। মুখ্য ন্যায়িক দণ্ডাধীশে এই প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিব লাগে।

লগতে পঢ়কঃ পত্নীব্ৰতা স্বামী! মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত মৃত্যু পত্নীৰ; নিজৰ বিৰুদ্ধে FIR দাখিল কৰিলে শিক্ষকে

উচ্চ ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ভাঞ্জাই কয় যে বংগৰ মহিলা কয়দীৰ ৱাৰ্ড ইয়াৰ ক্ষমতাৰ বাহিৰত পূৰণ কৰা হৈছে। ডুমডুম চেন্ট্ৰেল কাৰেকচনেল হোমত ৪০০ গৰাকী মহিলা কয়দীক উদ্ধাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছে। আলিপুৰ কাৰেকচনেল হোমৰ পৰা ৯০ জন কয়দীক অতিমাত্ৰা ভিৰৰ বাবে বদলি কৰাৰ কথাও উল্লেখ কৰিছে ন্যায় মিত্ৰই। অধিবক্তা তাপছ কুমাৰ ভাঞ্জাক ২০১৮ চনত উচ্চ ন্যায়ালয়ে ন্যায় মিত্ৰ (Amicus Curiae) হিচাপে নিযুক্তি দিছিল।