NORTHEAST NOW (Assamese)
অসম

“আৰ জি কৰৰ যুৱতী চিকিৎসকৰ ছবি বা নাম প্ৰকাশ নকৰিব, আইনমতে নিষিদ্ধ”, ক’লে উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2024 8:45 am

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা আছে। তথাপিও ছচিয়েল মিডিয়াত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ যুৱতী চিকিৎসকৰ ছবি প্ৰকাশ পাইছে। তেওঁৰ নামো লিখা হৈছে। ফেচবুক, এক্সৰ পৰা আৰম্ভ কৰি হোৱাটছএপ ষ্টেটাছলৈকে – বহুতে সেই কাম কৰি আছে। সেই কাম বন্ধ কৰিবলৈ কৈছে কলকাতা উচ্চ ন্যায়ালয়ে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে যুৱতী চিকিৎসকজনৰ ফটো, নাম বা কোনো পৰিচয়  প্ৰকাশ নকৰিবলৈ আহ্বান জনায়।

শুকুৰবাৰে উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত যুৱতী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃৰ অধিবক্তাই কয়, ‘ছ’চিয়েল মিডিয়াত যুৱতী চিকিৎসকজনৰ ছবিখন বিয়পি পৰিছে। যদি সেইটো বন্ধ কৰিব পৰা যায়।’ তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য ন্যায়াধীশ টি এছ শিৱজ্ঞানম আৰু ন্যায়াধীশ হিৰণ্ময় ভট্টাচাৰ্যৰ বিভাগীয় বিচাৰপীঠে সুধিলে, ‘তেনে হৈছে নেকি?’ অধিবক্তাই কয়, ‘হয়।’

লগতে পঢ়কঃ কোকৰাঝাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ : শহুৰেকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

তাৰ পিছতে উচ্চ ন্যায়ালয়ে কয় যে, ‘আইনত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰাত বাধা আছে। যুৱতী চিকিৎসকগৰাকীৰ চিনাকি সকলক আমি অনুৰোধ কৰিছো যে তেওঁৰ নাম, পৰিচয় বা অন্যান্য তথ্য প্ৰকাশ নকৰিব। সংবাদ মাধ্যমকো অনুৰোধ কৰিছো যে তেওঁৰ পৰিচয় বা ছবি প্ৰকাশ নকৰিব।’

দৰাচলতে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছিল যে ধৰ্ষণৰ বলি হোৱা কোনো ব্যক্তিৰ নাম বা পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁৰ আত্মীয়ৰ অনুমতি লৈও সেই কাম কৰিব নোৱাৰিব। ২০২১ চনত উচ্চতম ন্যায়ালয়ে আনকি ধৰ্ষণকাৰীৰ নাম প্ৰকাশ কৰাৰ বাবে নিম্ন আদালতৰ ওপৰতো অসন্তুষ্টি প্ৰকাশ কৰিছিল। কোনো ধৰণে যাতে তেওঁৰ নাম বা পৰিচয় প্ৰকাশ কৰা নহয় তাৰ বাবে সাৱধান হ’বলৈ নিৰ্দেশ দিয়া হৈছিল।

লগতে পঢ়কঃ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত জিলিকি উঠিল চাৰিখন অসমীয়া ছবি

কিন্তু আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পিছত বহুতে তেওঁৰ নাম প্ৰকাশ কৰে। বহুতে ছবিও পোষ্ট কৰে। আনকি চেলিব্ৰিটিসকলেও তেওঁৰ নাম প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে যেতিয়া যাদৱপুৰত ‘ৰাতি দখল কৰো’ কাৰ্যসূচী চলি আছিল, তেতিয়াও আয়োজকসকলে যুৱতী চিকিৎসকজনৰ পৰিচয় প্ৰকাশ কৰাত বাধা দিছিল।