NORTHEAST NOW (Assamese)
অসম

২৬ মাৰ্চত আকৌ ভাৰত বন্ধ, কোনে-কিয় দিছে এই বন্ধ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2021 1:49 pm
bharat-bandh--750x375

অসমকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচনৰ হৈ-চৈ চলি থকাৰ মাজতে অহা ২৬ মাৰ্চত পুনৰ ঘোষণা কৰা হৈছে ভাৰত বন্ধ।

২৬ ফেব্ৰুৱাৰীত কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধ আৰু চকা বন্ধ পালন কৰাৰ  পিছত এইবাৰ ২৬ মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মৰ্চাই।

তিনিখনকৈ বহু বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে দুমাহৰো অধিক কাল দিল্লীৰ সীমান্তত আন্দোলন অব্যাহত ৰাখিছে যদিও চৰকাৰে কৃষকৰ আন্দোলনৰ প্ৰতি মুঠেও গুৰুত্ব দিয়া নাই।

ইয়াৰ বিপৰীতে চৰকাৰে দিল্লী আৰু সিংঘু সীমান্তত কাঁটা তাঁৰৰ বেৰ দি প্ৰতিবাদী কৃষকসকলক শলঠেকতহে পেলাব বিচাৰিছে।

চৰকাৰে কৃষকৰ দাবীক গুৰুত্ব নিদিয়াৰ প্ৰতিবাদতে সংযুক্ত কিষাণ মৰ্চাই অহা ২৬ মাৰ্চত ভাৰত বন্ধৰ আহ্বান জনাইছে।

ভাৰত বন্ধৰ উপৰি ২৮ মাৰ্চত দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে বিতৰ্কিত কৃষি আইন কেইখনৰ প্ৰতিলিপি দাহ কৰিব বুলি জানিবলৈ দিছে।

উল্লেখ্য কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠন সমূহে ৬ ফেব্ৰুৱাৰীৰ দিনাও ৰাষ্ট্ৰজোৰা চকা বন্ধ কাৰ্যসূচী পালন কৰিছিল।

কৃষক নেতা বুটা সিং বুৰ্জগিলে প্ৰকাশ কৰা মতে ২৬ মাৰ্চৰ পুৱাৰে পৰা বিয়লিলৈকে ভাৰত বন্ধ পালন কৰা হ’ব।

তেওঁ অৱশ্যে বন্ধৰ সঠিক সময় উল্লেখ নকৰিলে।

১৫ মাৰ্চতো কংষক সংগঠনটোৱে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিব বুলি তেওঁ কয়।

দিল্লীত কৃষক বিদ্ৰোহে চতুৰ্থ মাহত ভৰি দিবলগীয়া দিনটোতে কৃষক সংগঠনটোৱে ভাৰত বন্ধৰ আহ্বান জনাইছে।