NORTHEAST NOW (Assamese)
Popular Stories

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী June 21, 2026 3:55 pm

ৰাজনীতিত ভৰি থৈয়েই বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰ। অৱশ্যে তেওঁৰ নিজৰ স্বাস্থ্যক লৈ সামাজিক মাধ্যমত চৰ্চাৰ অন্ত নাই। কেতিয়াবা দেউতাকৰ গাত আউজি পৰি যোৱা, আকৌ কেতিয়াবা চকীত বহি টোপনিয়াই থকা নিশান্তক এইবাৰ যোগ দিৱসত যোগাসন কৰা দেখা গ’ল। যোগাসনত ব্যস্ত থকা স্বাস্থ্যমন্ত্ৰীৰ কাণ্ড দেখি হাঁহিত বাগৰি পৰিছে ৰাইজ। কোনোবাই কৈছে যে ততাতৈয়াকৈ ৰোগীবাহী বাহন মাতক। আকৌ আন কোনোবাই কটাক্ষ কৰিছে যে যোগ কৰিবলৈ গৈ তেওঁৰ যাতে বিয়োগ হৈ নাযায়।

বিশ্ব যোগ দিৱস উপলক্ষে দেওবাৰে সমগ্ৰ দেশ যোগাসনত ব্যস্ত হৈ পৰিছিল। কন্যাকুমাৰীৰ পৰা লাডাখলৈ, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে দেশৰ প্ৰতিটো প্ৰান্তৰ মানুহে এই উৎসৱত অংশগ্ৰহণ কৰিছিল। বংগ ভ্ৰমণলৈ গৈ ৰেড ৰোডত যোগাসন কৰিছিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাদ পৰি যোৱা নাছিল চুবুৰীয়া ৰাজ্য বিহাৰো। তাত পাটনাস্থিত পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত চৰকাৰী উদ্যোগত যোগ দিৱসৰ আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ কাষতে বহি যোগাসন কৰিছিল নিশান্তই।

অৱশ্যে যোগাসন কৰিবলৈ গৈ নিশান্তৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। কেতিয়াবা তেওঁ হাত-ভৰি আচৰিত ধৰণে মাৰিছে, আকৌ কেতিয়াবা ভাৰসাম্য হেৰুৱাই বাগৰি পৰাৰ উপক্ৰম হৈছে। সোঁ হাত ডাঙিবলৈ ক’লে তেওঁ বাওঁ হাত ডাঙি দিয়ে। কঁকাল তললৈ হাউলিয়াবলৈ ক’লে তেওঁ উৱাদিহ নাপাই মনে মনে থিয় হৈ থকা দেখা যায়। কেতিয়াবা আকৌ ভাৰসাম্য হেৰুৱাই মুখ্যমন্ত্ৰীৰ আসনৰ ওপৰত বাগৰি পৰাৰ পৰিস্থিতিৰো সৃষ্টি হয়। যোগাসন কৰিবলৈ গৈ স্বাস্থ্যমন্ত্ৰীৰ এনে কাণ্ড সামাজিক মাধ্যমত বহুলভাৱে বিয়পি পৰাৰ লগে লগে সকলোৱে তেওঁক জোকাবলৈ আৰম্ভ কৰে।

সামাজিক মাধ্যমত এজন লোকে লিখিছে যে তেওঁক আগতে শক্তিবৰ্ধক পানী খুওৱা হওক। আন এজনে লিখিছে যে তেওঁ যোগাসন কৰি যোগাসনক ধন্য কৰিছে। ধেমালি কৰি এজনে লিখিছে যে তেওঁ কেতিয়াও তললৈ নাহাউলে। কোনোবাই আকৌ ততাতৈয়াকৈ ৰোগীবাহী বাহন মাতিবলৈ কৈছে আৰু আন কোনোবাই যোগ কৰিবলৈ গৈ বিয়োগ হৈ যোৱাৰ কথা কৈ কটাক্ষ কৰিছে। পিছে এইবোৰ কটাক্ষলৈ বিশেষ গুৰুত্ব দিবলৈ অমান্তি বিহাৰৰ স্বাস্থ্যমন্ত্ৰী। যোগাসন পৰ্ব কোনোমতে শেষ কৰাৰ পিছত সংবাদ মাধ্যমৰ মুখামুখি হৈ নিশান্তই কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছে যাতে যোগাসনক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়।