NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কম্বোডিয়াৰ বিৰোধী নেতাক ২৭ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2023 7:22 am
ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কম্বোডিয়াৰ বিৰোধী নেতাক ২৭ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

কম্বোডিয়াৰ বিৰোধী নেতা কেম চোখাক ২৭ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ বাবে দোষী সাব্যস্ত কৰি এই শাস্তি বিহা হৈছে। ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰই এই ৰায়ক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি গৰিহণা দিছে।

কেম চোখাক কম্বোডিয়াৰ অপৰাধ সংহিতাৰ অনুচ্ছেদ ৪৪৩ ৰ অধীনত বিদেশী শক্তিৰ সৈতে ষড়যন্ত্ৰ কৰাৰ অভিযোগত অভিযুক্ত কৰা হৈছে।

চোখা বৰ্তমান নিষিদ্ধ কম্বোডিয়ান নেচনেল ৰেচকিউ পাৰ্টি (চিএনআৰপি)ৰ প্ৰাক্তন সভাপতি। তেওঁক ২০১৭ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

কম্বোডিয়াৰ বিৰোধী নেতা কেম চোখা। ফটো: সংগৃহিত।

আদালতৰ নিৰ্দেশ অনুসৰি, চোখা ২৭ বছৰৰ বাবে গৃহবন্দী হৈ থাকিব। তদুপৰি, তেওঁক ৰাজনীতি আৰু নিৰ্বাচনত ভোটদানৰ পৰা অনিৰ্দিষ্টকালৰ বাবে নিষিদ্ধ কৰা হৈছে।

২০১৭ চনৰ ছেপ্টেম্বৰৰ এক নিশাৰ অভিযানত তেওঁক গ্ৰেপ্তাৰী পৰোৱানা অবিহনে গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত তেওঁৰ নেতৃত্বৰ চিএনআৰপি দলটো ভংগ কৰা হৈছিল। দলটোক দেশৰ দীৰ্ঘদিনীয়া শাসক আৰু প্ৰধানমন্ত্ৰী হুন সেনৰ চৰকাৰে নিষিদ্ধ কৰিছিল।