NORTHEAST NOW (Assamese)
জীৱনশৈলী

ট্ৰাম্প জীয়ৰীয়ে পিন্ধা শ্বেৰৱানিৰ দাম কিমান জানেনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2020 6:25 pm
Can you guess cost of Ivanka Trump’s sherwani?

এমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জীয়ৰী ইভাংকা ট্ৰাম্পে ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনলৈ অহাৰ সময়ত এটা শ্বেৰৱানি পিন্ধি আহিছিল।

বগা ৰঙৰ শ্বেৰৱানিটোৰ ডিজাইনাৰ আছিল অনিতা ডংগ্ৰে। দুই দশক পূৰ্বে মুৰ্ছিদাবাদ ছিল্কেৰে তাক ডিজাইন কৰা হৈছিল।

ট্ৰাম্পে শ্বেৰৱানিটোৰ লগত ফ্লেট পেণ্ট পৰিধান কৰিছিল। পোচাকটোত ডিজাইনাৰগৰাকীৰ চিগনেচাৰ হাতীৰ ল’গ’টোও আছিল।

ট্ৰাম্পে পিন্ধা পোচাকজোৰৰ ডিজাইনাৰগৰাকীয়ে কৈছে যে দুই দশক পূৰ্বে ডিজাইন কৰা হ’লেও আজিও ই খুব প্ৰাসংগিক হৈ আছে।

ডিজাইনাৰগৰাকীৰ ৱেবছাইটত ট্ৰাম্পে পিন্ধা পোচাকজোৰৰ দাম দেখুওৱা হৈছে ৮২,৪০০ টকা।

 

View this post on Instagram

 

@ivankatrump looks lovely in our classic handwoven Suruhi Sherwani. ✨ #AnitaDongre #IvankaTrump #AnitaDongreCouture #AnitaDongreSustainableFashion #AnitaDongreSS20

A post shared by Anita Dongre (@anitadongre) on