NORTHEAST NOW (Assamese)
দেশ

ইউএপিএৰ অধীনত গেংষ্টাৰ সতৱিন্দৰ সিঙক সন্ত্ৰাসবাদী ঘোষণা কৰিলে কেন্দ্ৰই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 2, 2024 3:29 pm

কানাডাস্থিত বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ অপাৰেটিভ তথা গেংষ্টাৰ সতৱিন্দৰ সিং ওৰফে গোল্ডি ব্ৰাৰক সোমবাৰে সন্ত্ৰাসবাদী ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত গোল্ডি ব্ৰাৰক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে।

গেংষ্টাৰ লৰেন্স বিছনয়ৰ ঘনিষ্ঠ সহযোগী গোল্ডি ব্ৰাৰে ২০১৭ চনত ছাত্ৰ ভিছা লৈ কানাডালৈ গৈছিল আৰু তেতিয়াৰ পৰাই তাৰ পৰা নিজৰ অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছে। 

গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে পঞ্জাৱত ধন দাবীৰ লগতে ড্ৰ’নৰ জৰিয়তে উচ্চমানৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ অভিযোগ উত্থাপন হৈছে। 

২০২২ চনত ভাৰতীয় জনপ্ৰিয় সংগীতজ্ঞ সিন্ধু মুছ ৱালাৰ হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত আছিল গোল্ডি ব্ৰাৰ। বিকেআইৰ অপাৰেটিভ লখবীৰ সিং ওৰফে লাণ্ডাৰ সৈতেও সম্পৰ্ক আছে গোল্ডি ব্ৰাৰৰ ।

বৰ্তমান কানাডাৰ ব্ৰেম্পটনত বাস কৰা গোল্ডি ব্ৰাৰৰ ঘৰ পঞ্জাৱৰ মুক্তিছাৰ চাহাব চহৰ। ২০১৯ চনত ইউএপিএ সংশোধন কৰাৰ পিছত ইউএপিএৰ অধীনত নিষিদ্ধ ঘোষ ণা হোৱা ৫৬ সংখ্যক ব্যক্তিগত সন্ত্ৰাসবাদী গোল্ডি ব্ৰাৰ।

কেন্দ্ৰই এক আনুষ্ঠানিক অধিসূচনাযোগে জনোৱা মতে, ১১.০৪.১৯৯৪ তাৰিখে জন্মগ্ৰহণ কৰা শ্বমশ্বেৰ সিং আৰু প্ৰীতপাল কৌৰৰ পুত্ৰ সতৱিন্দৰ সিং ওৰফে গোল্ডি ব্ৰাৰ বৰ্তমান কানাডাৰ খালিস্তান সমৰ্থক সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছাৰ সৈতে জড়িত।

প্ৰতিবেদন অনুসৰি ব্ৰাৰ বহু হত্যাৰ সৈতে জড়িত। ড্ৰ’নৰ জৰিয়তে সীমান্তৰ সিপাৰে উচ্চমানৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰি তেওঁৰ হিংসাত্মক কাৰ্য্যত যোগান ধৰাৰ সৈতে জড়িত হৈ আছে গোল্ডি ব্ৰাৰ।

ব্ৰাৰে ২০২২ চনত পঞ্জাৱৰ মানছাত সিদ্ধু মুছ ৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল। মুছ ৱালা হত্যাকাণ্ডৰ আঁৰৰ মগজু ব্ৰাৰ আছিল বুলি দাখিল কৰা ১৮৫০ পৃষ্ঠাৰ অভিযোগনামাত প্ৰকাশ পাইছে।

আৰক্ষীয়ে জনোৱা মতে, ফৰিদকোট যুৱ কংগ্ৰেছৰ নেতা গুৰলাল সিং ভূল্লাৰ ওৰফে পেহলৱানক হত্যা কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে আছে।