NORTHEAST NOW (Assamese)
Popular Stories

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2025 8:24 pm

ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-টুৱেণ্টী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে কানাডাই। কানাডা ১৩ নম্বৰ দেশ হিচাপে এই বিশ্বকাপত খেলাৰ যোগ্যতা অৰ্জন কৰিছে, আৰু এতিয়াও ৭খন দেশে যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে।

কানাডাই আমেৰিকাৰ কোৱালিফায়াৰত বাহামাছক ৭ উইকেটত পৰাস্ত কৰি এই সাফল্য লাভ কৰে। পাঁচখন খেলৰ প্ৰতিখনতেই জয়লাভ কৰি কানাডাই বিশ্বকাপৰ পথ মুকলি কৰে। শনিবাৰে কিং চিটিত বাহামাছৰ বিৰুদ্ধে খেলত কানাডাই প্ৰথমে বোলিং কৰাৰ সিদ্ধান্ত লয়। কালিম ছানাৰ (৪ উইকেট) আৰু শিম শৰ্মাৰ (১৯ ৰানত ৩ উইকেট) বলিঙত বাহামাছ ৫৬ ৰানত অল আউট হয়। কানাডাই এই ৰান মাত্ৰ ৫.৩ অভাৰত তিনি উইকেট হেৰুৱাই লক্ষ্যত উপনিত হয়। দিলপ্ৰীত বাজৱাৰ ৩৬ ৰানৰ অপৰাজিত প্ৰদৰ্শনে কানাডাৰ বিশ্বকাপত প্ৰবেশ নিশ্চিত কৰে।

কোৱালিফায়াৰৰ প্ৰথম খেলত কানাডাই বাৰ্মুডাক ১১০ ৰানত পৰাস্ত কৰে, য’ত নিকোলাছ কিৰ্টনৰ অৱদান আছিল গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত কেমেন দ্বীপপুঞ্জক ৫৩ ৰানত আৰু বাহামাছক ১০ উইকেটত পৰাস্ত কৰে। দ্বিতীয় ৰাউণ্ডত কেমেনৰ বিৰুদ্ধে ৪২ ৰানৰ জয় লাভ কৰে, আৰু শেষত বাহামাছৰ বিৰুদ্ধে ৭ উইকেটৰ জয়ৰ সৈতে কোৱালিফায়াৰৰ শীৰ্ষত থাকে।

ইতিমধ্যে ভাৰত, শ্ৰীলংকা, আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড আৰু পাকিস্তানে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আইচিচিৰ মতে, ইউৰোপৰ পৰা দুখন, আফ্ৰিকাৰ পৰা দুখন আৰু এছিয়াৰ পৰা তিনিখন দেশে এতিয়াও যোগ্যতা অৰ্জন কৰিবলৈ বাকী আছে।