NORTHEAST NOW (Assamese)
অসম

চাপৰত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা-বিলাতী সুৰা, চাৰিজনক ৰঙাঘৰলৈ প্ৰেৰণ

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ June 12, 2021 2:28 pm
chaa

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ থানা এলেকাধীন নাথপাৰা আৰু শালকোছাত চাপৰ আৰক্ষীয়ে পৃথকে পৃথকে দুটা অভিযান চলাই প্ৰায় দহ কিলোগ্ৰাম গাঞ্জাৰ উপৰি ১০০ বটল অবৈধ সুৰা জব্দ জব্দ কৰে।

নতুন কৈ কাৰ্য্যভাৰ গ্ৰহণ কৰা বিলাসীপাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা আৰু চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই দুটা অভিযানত নাথপাৰাত তিনি কিলো আৰু আনহাতে শালকোছাৰ পৰা সাত কিলোগ্ৰাম মুঠ ১০ (দহ) কিলোগ্ৰাম গাঞ্জা আৰু লগতে এশ বটল অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

শালকোছাৰ এজন অবৈধ সুৰা ব্যৱসায়ীয়ে পলায়ন কৰিবলৈ সক্ষম হয় যদিও নিচা জাতীয় পদাৰ্থৰ ব্যৱসায়ৰ লগত জৰিত জামিনুৰ ইছলাম , বলোভদ্র নাথ, চন্দ্ৰ মোহন নাথ আৰু দেৱৰাজ বৰ্মনক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে চাপৰ থানাত ভাৰতীয় দণ্ডবিধিৰ (20)b , 276/21 ধাৰাত গোচৰ তৰি শনিবাৰে দুপৰীয়া জে’ললৈ প্ৰেৰণ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

সকলো ধৰণৰ অবৈধ নিচা জাতীয় পদাৰ্থ সেৱন কৰা আৰু এই মাৰাত্মক ব্যৱসায়ৰ বিৰুদ্ধে অভিভাৱক , সমাজ সংগঠক আৰু সচেতন মহলে সতৰ্কতাৰে আগবাঢ়ি যাব লাগিব বুলি মহকুমা আৰক্ষী বিষয়া বৰা আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই মতপোষণ কৰিছে।