NORTHEAST NOW (Assamese)

ষড়যন্ত্ৰৰ গোন্ধ: প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত বন্ধ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

February 18, 2021 2:46 pm · এন ই নাও নিউজ

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে চলি থকা মহিলা সহকৰ্মীক যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে।

আজি উচ্চতম ন্যায়ালয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া ন্যায়াধীশ এ কে পট্টনায়ক কমিটিৰ প্ৰতিবেদনৰ ভিত্তিতে যৌন নিৰ্যাতনৰ গোচৰটোৰ তদন্ত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

পট্টনায়ক কমিটিয়ে প্ৰতিবেদনত ৰঞ্জন গগৈৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰৰ উমান পোৱাৰ কথা উল্লেখ কৰিছে। অসমত এন আৰ চি ৰূপায়ন কৰিবলৈ ৰঞ্জন গগৈয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবেই তেওঁ বহুতৰে অপ্ৰিয় ভাজন হৈ পৰিছিল বুলি প্ৰতিবেদনত কোৱা হৈছে।

তদানীন্তন মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে কোনে কিদৰে ষড়যন্ত্ৰ ৰচনা কৰিছিল সেই বিষয়ত নতুনকৈ তদন্ত কৰাৰ কোনো নিৰ্দেশ অৱশ্যে আজি উচ্চতম ন্যায়ালয়ে দিয়া নাই।ইয়াৰ পূৰ্বেও যৌন নিৰ্যাতনৰ গোচৰটোত উচ্চতম ন্যায়ালয়ে ৰঞ্জন গগৈক ক্লীনশ্বিট দিছিল।

উল্লেখযোগ্য যে ২০১৯ চনৰ ১৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।

অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে ৰঞ্জন গগৈৰ অধীনত জুনিয়’ৰ ক’ৰ্ট এছিষ্টেণ্ট হিচাপে ২০১৮ চনৰ অক্টোবৰ মাহলৈকে কাম কৰিছিল।

অৱশ্যে পিছত মহিলাগৰাকীক “পেচাৰ সৈতে খাপ নোখোৱা আচৰণ” আৰু অন্যান্য কিছুমান “অসদাচাৰ”ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

বৰ্থাস্ত হোৱা মহিলা কৰ্মচাৰী গৰাকীয়ে গগৈৰ বিৰুদ্ধে অনা যৌন নিৰ্যাতনৰ অভিযোগৰ পাছতে উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে তিনিজন ন্যায়াধীশক লৈ এখন তদন্ত কমিটি গঠন কৰিছিল।

ন্যায়াধীশ এছ এ ববদেৰ (বৰ্তমান মুখ্য ন্যায়াধীশ) নেতৃত্বত গঠন কৰি দিয়া উক্ত তিনিজনীয়া আভ্যন্তৰীণ কমিটিয়ে ২০১৯ চনৰ ৬ মে’ত ৰঞ্জন গগৈৰ বিৰুদ্ধে থকা অভিযোগ খাৰিজ কৰে।

আভ্যন্তৰীণ তদন্ত কমিটিখনে তেতিয়াৰ মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে কোনো উপযুক্ত প্ৰমাণ লাভ নকৰাৰ বাবে বিষয়টো সম্পৰ্কত তেওঁক ক্লীনশ্বিট দিছিল।

Related News