NORTHEAST NOW (Assamese)

বিৰোধীৰ আপত্তি উপেক্ষা কৰি ৰাজ্যসভাত উত্থাপন চিএপিএফ বিধেয়ক; কি আছে বিধেয়কখনত?

March 26, 2026 11:42 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: March 26, 2026 11:43 am

বিৰোধীৰ তীব্ৰ হুলস্থুলৰ মাজতে বুধবাৰে কেন্দ্ৰৰ মোডী চৰকাৰে ধ্বনিভোটৰ জৰিয়তে ৰাজ্যসভাত গুৰুত্বপূৰ্ণ চিএপিএফ (CAPF) বিধেয়ক উত্থাপন কৰে। অৱশ্যে অমিত শ্বাহৰ সলনি গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে বিধেয়কখন উপস্থাপন কৰে। ‘কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (সাধাৰণ প্ৰশাসন) বিধেয়ক, ২০২৬’ দাখিল কৰাৰ পিছত ৰাজ্যসভাত ইয়াৰ গৃহীতকৰণৰ বাবে আলোচনাও আৰম্ভ হৈছে।

বিৰোধী দলসমূহে বুধবাৰে বিধেয়কখন দাখিল কৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইনে অভিযোগ কৰি কয় যে, এই বিধেয়কখন যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ পৰিপন্থী। আমি মনে মনে থাকি ইয়াৰ প্ৰতিবাদ কৰিম। দুঘণ্টা তিনি ঘণ্টাও নিবিচাৰো৷ মাত্ৰ এক মিনিট মনে মনে থিয় হৈ ইয়াৰ বিৰোধিতা কৰিম।

অৱশ্যে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিৱংশে আপত্তি কৰে। ইয়াক লৈ সামান্য বিতৰ্কও হয়। বিৰোধীয়ে অমিত শ্বাহৰ সলনি কিয় তেওঁৰ ৰাজ্যমন্ত্ৰীয়ে ৰাজ্যসভাত এই গুৰুত্বপূৰ্ণ বিধেয়কখন দাখিল কৰিব তাকলৈও প্ৰশ্ন উত্থাপন কৰে।

এই বিধেয়কখনত কি আছে? কেন্দ্ৰীয় বাহিনীৰ শীৰ্ষ পদত আই পি এছ বিষয়াসকলৰ নিয়ন্ত্ৰণ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰই এই বিধেয়কখন আনিছে। অন্ততঃ এই অভিযোগ বিৰোধীৰ। আই পি এছ বিষয়াক চি আৰ পি এফ, চি আই এছ এফ, বি এছ এফ, আই টি বি পি, এছ এছ বি আদি কেন্দ্ৰীয় বাহিনীৰ শীৰ্ষ পদত ডেপুটেচনত নিযুক্তি দিয়া হয়। বাহিনীসমূহৰ পৰা কোনোৱেই ডিজি, এডিজি বা এছডিজিৰ দৰে পদত অধিষ্ঠিত হ’ব নোৱাৰে।

চি এ পি এফ বিল, ২০২৬ত কেন্দ্ৰীয় বাহিনীৰ ডি জি আৰু এছ ডি জিৰ পদ আই পি এছ বিষয়াৰ বাবে সংৰক্ষিত কৰা হৈছে। ইয়াৰ লগতে আই পি এছ বিষয়াৰ বাবে এ ডি জি পদত ৬৭ শতাংশ আৰু আই জি পদত ৫০ শতাংশ সংৰক্ষণ থাকিব।

ইয়াৰ বিৰোধিতা কৰিছে বিৰোধীয়ে। তেওঁলোকৰ অভিযোগ যে কেন্দ্ৰই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়কো আওকাণ কৰিছে। বুধবাৰৰ দিনটোত ডি এম কেৰ সাংসদ তিৰুচি শিৱা, চি পি এমৰ জন ব্ৰিটাছ, কংগ্ৰেছৰ অজয় ​​মাকেনেও ৰাজ্যসভাত বিধেয়কখন উত্থাপনৰ বিৰুদ্ধে সৰৱ হয়।

কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে দাবী জনায় যে ইয়াৰ বিৰোধিতা কৰা সকলক কমেও চাৰি মিনিটকৈ কথা ক’বলৈ দিব লাগে। ৰাজ্যসভাৰ উপাধ্যক্ষই এই কথা মানি ল’ব বিচৰা নাছিল।

বিধেয়কখন উত্থাপন কৰি গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে বিৰোধীয়ে উত্থাপন কৰা সকলো অভিযোগ বাস্তৱিকতে ভুল। চৰকাৰে কোনো নিয়ম উলংঘা কৰা নাই। বিধেয়কখন উত্থাপন হোৱাৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও ৰাজ্যসভাত বিৰোধীক সমালোচনা কৰে।

Related News