NORTHEAST NOW (Assamese)
Popular Stories

ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰত অৱস্থিত বৰ্ষাৰণ্যৰ পৰা হেৰাই যাব ধৰিছে বিৰল টুপিমুৰিয়া বান্দৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2026 7:55 pm

অসমৰ উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকাৰ খণ্ডিত হৈ পৰা বৰ্ষাৰণ্যসমূহৰ পৰা বিপন্ন প্ৰজাতিৰ টুপিমুৰিয়া বান্দৰ বা কেপড লেংগুৰ দ্ৰুতগতিত নোহোৱা হৈ পৰিছে। শেহতীয়াকৈ জাৰ্নেল অৱ এছিয়া-পেচিফিক বায়ডাইভাৰচিটিত প্ৰকাশ পোৱা এক গৱেষণা পত্ৰত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। গৱেষকসকলে চলোৱা এক বিস্তৃত জৰীপত দেখা গৈছে যে অঞ্চলটোৰ যিবোৰ বনাঞ্চল এসময়ত এই বান্দৰবোৰৰ বিচৰণস্থলী আছিল, এতিয়া সেইবোৰৰ পৰা ইহঁত চিৰদিনৰ বাবে হেৰাই যোৱাৰ উপক্ৰম হৈছে।

গৱেষক নীহৰিকা গগৈ, সম্ৰাট সেনগুপ্ত, বিজয় বাছফোৰ আৰু নাৰায়ণ শৰ্মাই কৰা এই অধ্যয়নৰ বাবে ২০১৯ চনৰ পৰা ২০২০ চনৰ ভিতৰত উপত্যকাটোৰ নিম্নভূমিৰ ৪০টা বনাঞ্চলত জৰীপ চলোৱা হৈছিল। ইয়াৰে মাত্ৰ ১১টা বনাঞ্চলতহে বৰ্তমান এই লেংগুৰৰ উপস্থিতি ধৰা পৰিছে। পূৰ্বে এই প্ৰজাতিটো বাস কৰা বুলি জনাজাত সাতটাকৈ বনাঞ্চলত এইবাৰ এটাও টুপিমুৰিয়া বান্দৰ দেখিবলৈ পোৱা নগল। গৱেষকসকলে জৰীপৰ সময়ত মাত্ৰ ৮২ জন এনে বান্দৰহে বিচাৰি পাইছে, যিয়ে স্থানীয়ভাৱে এই প্ৰজাতিটো বিলুপ্তি হোৱাৰ ইংগিত বহন কৰিছে।

অধ্যয়নটোত উল্লেখ কৰা অনুসৰি, এসময়ত সংলগ্ন হৈ থকা বৃহৎ অৰণ্যসমূহ এতিয়া কৃষি কাৰ্য, চাহ বাগিচাৰ সম্প্ৰসাৰণ আৰু মানুহৰ বসতি স্থাপনৰ বাবে সৰু সৰু খণ্ডত বিভক্ত হৈ পৰিছে। এনেদৰে বাসস্থান ধ্বংস হোৱাৰ ফলত ইহঁতৰ খাদ্যৰ নাটনি ঘটিছে। যিবোৰ বনাঞ্চলত থলুৱা ফল-মূল আৰু গছৰ পাতৰ বৈচিত্ৰ্য বেছি, কেৱল তেনে ঠাইতহে এই বান্দৰবোৰ জীয়াই থকাটো সম্ভৱ হৈছে। অৱক্ষয় ঘটা বনাঞ্চলবোৰত খাদ্যৰ অভাৱ হোৱাৰ বাবেই ইহঁতৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে।

অৰণ্যৰ পৰিসৰ কমি অহাৰ বাবে কিছুমান অঞ্চলত টুপিমুৰিয়া বান্দৰে মানুহৰ বাসস্থানৰ ওচৰত খাদ্য বিচাৰি ফুৰিবলগীয়া হৈছে। ইয়াৰ ফলত এই কপিকুলে বিদ্যুৎস্পৃষ্ট হোৱা, পথ দুৰ্ঘটনাৰ বলি হোৱা আৰু কুকুৰৰ আক্ৰমণৰ দৰে নতুন নতুন বিপদৰ সন্মুখীন হৈছে। গৱেষকসকলে সতৰ্ক কৰি দিছে যে যদিহে অতি সোনকালে অৱক্ষয় হোৱা বনাঞ্চলসমূহ পুনৰুদ্ধাৰ কৰা নহয় আৰু বিচ্ছিন্ন হৈ থকা অৰণ্যসমূহক একত্ৰিত কৰিবলৈ বিশেষ ব্যৱস্থা লোৱা নহয়, তেন্তে অসমৰ পৰা এই আপুৰুগীয়া প্ৰজাতিটো সম্পূৰ্ণৰূপে হেৰাই যাব পাৰে।