NORTHEAST NOW (Assamese)
অসম

ৰবীন্দ্ৰ জাদেজাক নিজতকৈ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা অধিনায়ক বিৰাট কোহলীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2020 9:25 pm
ৰবীন্দ্ৰ জাদেজাক নিজতকৈ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা অধিনায়ক বিৰাট কোহলীৰ

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে দলৰ সতীৰ্থ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক তেওঁতকৈ ভাল ফিল্ডাৰ আখ্যা দিয়ে।

ষ্টাৰ স্পোৰ্টছে সোধা এটা প্ৰশ্নৰ উত্তৰত বিৰাট কোহলীয়ে জাদেজাক নিজতকৈ ভাল ফিল্ডাৰ বুলি কয়।

‘‘জাদ্দু। প্ৰত্যেক সময়তে। বিতৰ্কৰ অৱসান,’’ বিৰাট কোহলীয়ে এইদৰে কয়।

‘‘যদি আপোনাৰ জীৱন ৰক্ষাৰ বাবে ষ্টাম্পলৈ এবাৰ গুলিয়াব দিয়া হয় আপুনি কাক বাচনি কৰিব জাদ্দু নে বিৰাট?,’’ ষ্টাৰস্পোৰ্টছে এইদৰে সোধা এটা প্ৰশ্নৰ উত্তৰত বিৰাট কোহলীয়ে জাদ্দুক বাচনি কৰে।

ইয়াৰ পূৰ্বেও বিৰাট কোহলীয়ে জাদেজাক বৰ্তমানৰ ভাৰতীয় দলৰ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা দিছিল।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত ল’কডাউনৰ বাবে দুয়োগৰাকী ক্ৰিকেটাৰ স্বগৃহত আৱদ্ধ হৈ আছে।

বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাৰ সৈতে সময় অতিবাহিত কৰা দেখা যোৱাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাক ঘোৰা চলাই থকা দেখা গৈছিল।

বিৰাট কোহলীৰ পূৰ্বে বৰ্তমানৰ বিচিচিআইৰ সভাপতি তথা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ো ৰবীন্দ্ৰ জাদেজাৰ উচ্চ প্ৰশংসা কৰিছিল।