NORTHEAST NOW (Assamese)

সুৰা ব্যৱসায়ীৰ হত্যাত ব্যৱহৃত হোৱাৰ সন্দেহ কৰা গাড়ী উদ্ধাৰ

June 25, 2019 4:00 pm · নংগী তেৰাং
ফটো নর্থইষ্ট নাও

পঞ্জীয়ন নম্বৰ প্লেটবিহীন এখন অল্টো কাৰ সোমবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ ডিল্লাই আৰক্ষী থানাৰ অন্তৰ্গত হাটোকা মেনছিং টিছো গাঁৱত উদ্ধাৰ কৰা হয়।

গাড়ীখনৰ ভিতৰৰ পৰা এখন গ্লোভ আৰু দুটা সজীৱ গুলী উদ্ধাৰ কৰা হয়।

গাড়ীখন দেওবাৰে নিশা অসম-নাগালেণ্ড আন্ত:ৰাজ্যিক সীমান্তৰ সৈতে লাগি থকা পূব কাৰ্বি আংলঙত ব্যৱসায়ী মুলসিং ৰাথোৰৰ হত্যাত ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে এখন গ্লোভ মৃত ৰাথোৰৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল।

ইতিমধ্যে, আৰক্ষীয়ে উদ্ধাৰ হোৱা গাড়ীখন তথা গাড়ীখনৰ মালিকৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে।

ৰাথোৰক অচিনাক্ত বন্দুকধাৰীয়ে শূন্য দূৰত্বৰ পৰা কেইবাজাইয়ো গুলী মাৰিছিল আৰু গুৰুতৰভাৱে আহত তেওঁৰ হাস্পাতল গৈ পোৱাৰ পাছতে মৃত্যু হৈছিল।

উল্লেখযোগ্য যে সেনাৰ পোছাকত মুখত কাপোৰেৰে ঢাকি অহা ছয়জনীয়া দুৰ্বৃত্তৰ এটা দলে এ কে-৪৭ ৰাইফল আৰু পিষ্টলেৰে সজ্জিত হৈ মুলসিং ৰাথোৰৰ ঘৰত প্ৰৱেশ কৰি ব্যৱসায়ীগৰাকীৰ পত্নী, পুত্ৰ আৰু বোৱাৰীক বন্দুকৰ ভয় দেখুৱাই ডকাইতিৰ চেষ্টা চলাইছিল।

ব্যৱসায়ী ৰাথোৰে পুত্ৰৰ পৰা এটা শংকিত হৈ পৰা ফোনকল লাভ কৰাৰ পাছতে ততাতয়াকৈ ঘটনাস্থলীত আহি উপস্থিত হৈছিল আৰু তেওঁৰ গৃহৰ পৰা আ-অলংকাৰকে ধৰি নগদ ধন আৰু আন মূল্যবান সম্পদ ডকাইতি কৰি লোৱা সশস্ত্ৰ দলটোৰ সৈতে তেওঁ সংঘাতত লিপ্ত হৈ পৰিছিল।

Related News