NORTHEAST NOW (Assamese)
অসম

ইন্দ্ৰাণী মুখাৰ্জীৰ ভাষ্যৰ ভিত্তিতে প্ৰাক্তন গৃহ মন্ত্ৰী পি চিদাম্বৰমৰ বিৰুদ্ধে প্ৰস্তুত কৰা হৈছে গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 4:23 pm
22_08_2019-chidambaram_indrani_19509244_143725949

তদন্তকাৰী সংস্থাই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰমৰ বিৰুদ্ধে আই এন এক্স মিডিয়াৰ মুৰব্বীৰ পত্নী ইন্দ্ৰাণী মুখাজীৰ ভাষ্যৰ ভিত্তিতে গোচৰ প্ৰস্তুত কৰিছে।

আই এন এক্স মিডিয়াৰ মুৰব্বী পিটাৰ মুখাৰ্জীৰ পত্নী ইন্দ্ৰাণী মুখাৰ্জী পূৰ্বে ইন্দ্ৰাণী বৰা অসমৰেই বাসিন্দা আছিল।

ইন্দ্ৰাণী বৰাই ইন্দ্ৰাণী মুখাৰ্জী হোৱাৰ পাছত পতি পীটাৰৰ সৈতে মিলি তেওঁৰ কন্যা শ্বীনা বৰাক হত্যা কৰিছিল।

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ অভিযোগত ইন্দ্ৰাণী এতিয়াও কাৰাগাৰত বন্দী হৈ আছে।

ইন্দ্ৰাণী মুখাৰ্জীৰ ভাষ্যৰ ভিত্তিতে প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে গোচৰ প্ৰস্তুত কৰা হৈছে।

মুখাৰ্জীদ্বয় আই এন এক্স মিডিয়া নামৰ টেলিভিশ্বন সংস্থাটোৰ মুৰব্বী আছিল।

উক্ত সংস্থাক য়ু পি এ চৰকাৰৰ গৃহ মন্ত্ৰী থকা সময়ত পি চিদাম্বৰমে বিদেশী পুঁজিৰ অনুমোদন সহায় কৰাৰ অভিযোগ উঠিছে।

তদন্তকাৰী সংস্থাৰ সূত্ৰই জানিব দিয়া মতে প্ৰাক্তন গৃহ মন্ত্ৰী গৰাকীৰ পুত্ৰ কাৰ্তি চিদাম্বৰমে বৃহৎ অংকৰ উপঢৌকন লাভ কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ত এই গোচৰটো সন্দৰ্ভত এনফৰ্ছমেন্ট সঞ্চালকালয়ে ইন্দ্ৰাণী মুখাৰ্জীৰ ভাষ্যৰ ভিত্তিতে পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ বিৰুদ্ধে গোচৰটো প্ৰস্তুত কৰা বুলি সদৰী কৰিছে।

আদালতে প্ৰাক্তন গৃহ মন্ত্ৰী গৰাকীৰ অগ্ৰিম জামিনৰ আবেদন নাকচ কৰে আৰু বুধবাৰে সন্ধিয়া পি চিদাম্বৰক গ্ৰেপ্তাৰ কৰা হয়।

ইন্দ্ৰাণী মুখাৰ্জীয়ে তদন্তকাৰী সংস্থাৰ আগত ভাষ্য দিছিল যে  পি চিদাম্বৰমে আই এন এক্স মিডিয়াত বিদেশী বিনিয়োগৰ অনুমোদনৰ বিনিময়ত কীৰ্তি চিদাম্বৰক ব্যৱসায়ত সহায়ৰ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০১৭ত এখন এজাহাৰ দাখিল কৰি অভিযোগ কৰিছিল।

অভিযোগত কোৱা যে বিদেশী বিনিয়োগ সংক্ৰান্তীয় বোৰ্ড বা এফ আই পি বিয়ে আই এন এক্স মিডিয়াক ২০০৭ বৰ্ষত বিদেশৰ পৰা ৩০৫ কোটি টকাৰ পুজি লাভ কৰাৰ বাবে অনুমতি পত্ৰ দিছিল।

চিবিআইৰ সমান্তৰালকৈ এনফৰ্ছমেন্ট সঞ্চালকালয়েও এটা আৰ্থিক কেলংকাৰিৰ গোচৰ ৰুজু কৰিছিল।