NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ লগত অহা বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 15, 2018 9:56 pm
2018-03-25

যোৱা ৬ নৱেম্বৰৰ দিনা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৱা কনভয়ৰ গাড়ীৰ খুন্দাত মহানগৰীত থকা ত্ৰিপুৰাৰ অনুপম চাকমা নামৰ এজন যুৱকৰ মৃত্যু হৈছিল। তাৰ পাছতেই বহু পলমকৈ হ’লেও আজি ভৰলুমুখ আৰক্ষীয়ে কনভয়ৰ বাহনখনৰ বিৰুদ্ধে ৯১৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে বুলি ভৰলুমুখ আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰণিধানযোগ্য যে, ৬ নৱেম্বৰত পুৱতি নিশা প্ৰায় ৩ বজাত গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ষষ্ঠ ষান্মষিকত অধ্যয়ণৰত অনুপম পানবজাৰৰ দিশৰ পৰা বাইকেৰে তীব্ৰগতিৰে আহি থকা অৱস্থাতে জালুকবাৰীৰ দিশৰ পৰা অহা মন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ লগত অহা এখন বাহনৰ সৈতে সংঘৰ্ষ হৈছিল। যাৰ ফলত যুৱকজন গুৰুতৰভাৱে আহত হোৱাত তেওঁক ততাতৈয়াকৈ জিএনআৰচি হাস্পতালত ভৰ্তি কৰাৰ পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

ভৰলু থানাৰ যান বাহন শাখাৰ আৰক্ষী সহকাৰী উপ পৰিদৰ্শকএ নৰ্থ ইষ্ট নাওৰ আগত ঘটনা সন্দৰ্ভত কয়, ‘’কনভয়ৰ লগত অহা ব’লেৰ’ গাড়ী এখনৰ সৈতে সংঘৰ্ষ হৈছিল। কাৰ কি হৈছে আমি সঠিককৈ নাজানো।‘’

তেওঁ লগতে কয়, ‘’দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ব্যক্তিগত আছিল আৰু সেইখনে আৰক্ষী কঢ়িয়াই আনিছিল।‘’ লগতে গাড়ীখন চৰকাৰে ভাড়াত লোৱা বুলিও আমাৰ আগত উল্লেখ কৰে।

আনহাতে, এ এছ ০১এইচ চি ৮৬০০ নম্বৰৰ বলেৰ’ গাড়ীখন কাহিলীপাৰাৰ কুদ্দুছ আলিয়ে চলাই আহিছিল বুলি সহকাৰী আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে আমাক জানিবলৈ দিয়ে। জানিব পৰা মতে কুদ্দুছৰ ঘৰ ধীৰেনপাৰাত।

আনহাতে, গাড়ীখনৰ মালিকৰ নামটো প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ভৰলু আৰক্ষী। এক সুত্ৰৰ পৰা জানিব পৰা মতে অংকুৰ দত্ত নামৰ লোকজন উক্ত গাড়ীখনৰ মালিক তথা কামৰূপ মহানগৰত পঞ্জীয়নভুত উক্ত বাহনখন।