NORTHEAST NOW (Assamese)
দেশ

ধনৰ বিনিময়ত প্ৰশ্ন গোচৰ: মহুৱা মৈত্ৰক তলব সংসদৰ নৈতিকতা সমিতিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2023 10:46 pm
Mahua Moitra

ধনৰ বিনিময়ত প্ৰশ্ন কৰা বুলি উত্থাপিত গুৰুতৰ অভিযোগ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক তলব কৰিছে লোকসভাৰ নৈতিকতা সমিতিয়ে। অহা ৩১ অক্টোবৰত সাংসদগৰাকীক সমিতিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছে।

সংসদ নৈতিকতা সমিতিৰ অধ্যক্ষ বিনোদ কুমাৰ সোণকাৰে মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তত গৃহ পৰিক্ৰমা আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা সহায় বিচাৰিব বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে লোকসভাৰ নৈতিকতা সমিতিৰ প্ৰথমখন বৈঠকত তৃণমূলৰ সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপিত ‘ধনৰ বিনিময়ত প্ৰশ্ন’ অভিযোগক সম্বোধন কৰাৰ পিছতে তেওঁক তলব কৰা হয়।

সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অতি গুৰুতৰ আৰু সেয়ে এই অভিযোগ গুৰুত্বসহকাৰে বিবেচনা কৰিব বুলি সংসদৰ নৈতিকতা সমিতিয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে, মৈত্ৰীৰ বিৰুদ্ধে অধিবক্তা জয় অনন্ত দেহাদ্ৰাই অভিযোগ অনাৰ পিছতে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই দাখিল কৰিছিল এজাহাৰ। আজি এই সন্দৰ্ভত মৌখিক প্ৰমাণ দাখিল কৰিবলৈ কমিটীৰ সন্মুখত দুয়ো হাজিৰ হয়।

ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা উৎকোচ গ্ৰহণ কৰি মৈত্ৰই লোকসভাত প্ৰশ্ন কৰা বুলি অভিযোগ উত্থাপন হৈছে। ইফালে এই অভিযোগ অস্বীকাৰ কৰি মৈত্ৰই আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ বাবেই আদানী গ্ৰুপে তেওঁক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছে।

সমান্তৰালভাৱে তেওঁ বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই নিৰ্বাচনী মনোনয়ন পত্ৰত ভুৱা ডিগ্ৰী দাখিল কৰা বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। মৈত্ৰৰ এই অভিযোগ সন্দৰ্ভত অৱশ্যে উত্তৰ দিয়াৰ পৰা ফালৰি কাটে বিজেপিৰ সাংসদগৰাকী।

উল্লেখ্য যে, বিজেপিৰ সাংসদ বিনোদ কুমাৰ সোণকাৰৰ নেতৃত্বত থকা লোকসভাৰ নৈতিকতা সমিতিখনত বিজেপিৰ বিষ্ণু দত্ত শৰ্মা, সুমেধনন্দ সৰস্বতী, অপৰাজিতা সাৰংগী, ৰাজদ্বীপ ৰায়, সুনীতা দুগল, আৰু সুভাষ ভামৰে সদস্য হিচাপে আছে।

আনহাতে কংগ্ৰেছৰ ভে বৈথিলিংগম, এন উত্তম কুমাৰ ৰেড্ডী, আৰু প্ৰীণিত কৌৰ; বালাশ্বৌৰী ভালাব্ভানেনি (ৱাইএছআৰচিপি); হেমন্ত গডছে (শিৱসেনা); গিৰিধাৰী যাদৱ (জেডি-ইউ); পি আৰ নটৰাজন (চিপিআই-এম); আৰু কুনৱৰ দনিছ আলী (বিএছপি)- ও এই সমিতিৰ সদস্য।

লক্ষণীয়ভাৱে মৈত্ৰক এই সমিতিয়ে তলব কৰাৰ পিছতে আন এক বিষয়তো ব্যাপক চৰ্চা হৈছে। তৃণমূল সাংসদগৰাকীৰ বিপক্ষে এইদৰে তৎকালীনভাৱে তৎপৰ হোৱাৰ বিপৰীতে বিজেপি সাংসদ ডুবেৰ বিৰুদ্ধে কিয় কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

এই প্ৰসঙ্গতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিপক্ষে গুজৰাট আদালতৰ ৰায়ৰ পিছতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰসঙ্গও চৰ্চালৈ আহিছে। অৰ্থাৎ বিৰোধী নেতাসকলক ভীতিগ্ৰস্ত কৰিবলৈ মৈত্ৰৰ বিৰুদ্ধে এনে তাৎক্ষণিক ব্যৱস্থা লোৱা বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈছে।