NORTHEAST NOW (Assamese)

চামুচেৰে তৈয়াৰ কৰা টপ : ব্যতিক্ৰমী পোচাকেৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা অভিনেত্ৰী কেট ব্লেনচেটৰ

August 17, 2024 3:07 pm ·

হলিউডৰ অস্কাৰ বিজয়ী অভিনেত্ৰী কেট ব্লেনচেট। কিছুদিন পূৰ্বে কান মহোৎসৱৰ ৰেড কাৰ্পেটত পেলেষ্টাইনৰ পতাকাৰ দৰে পোছাক পিন্ধি বিশ্বজুৰি চৰ্চালৈ আহিছিল এইগৰাকী অভিনেত্ৰী।  এইবাৰ চামুচেৰে নিৰ্মিত টপ পিন্ধি পুনৰ চৰ্চালৈ আহিছে কেট ব্লেনচেট।

বিগত সপ্তাহৰ মঙলবাৰে লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ‘বৰ্ডাৰলেণ্ডছ’ ৰেড কাৰ্পেট অনুষ্ঠানত ১০২ খন চামুচেৰে নিৰ্মিত ছুইডেনৰ ব্ৰেণ্ড হোডাকোভাৰৰ ড্ৰেছ পিন্ধি উপস্থিত হয় অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকী।

এই অদ্ভুত চামুচ ড্ৰেছৰ ডিজাইনাৰ হৈছে এলেন হোডাকোভা লাৰ্ছন।

জানিব পৰা মতে, এই পুৰণি চামুচবোৰ ছুইডেনৰ এখন গাঁৱৰ পৰা সংগ্ৰহ কৰিছিল ডিজাইনাৰগৰাকীয়ে। উল্লেখ্য যে পুৰণি সামগ্ৰীক দামী, বিলাসী কাপোৰলৈ ৰূপান্তৰিত কৰাৰ সুনাম আছে ডিজাইনাৰ এলেনৰ। অভিনেত্ৰী কেটৰ ক্ষেত্ৰতো ঠিক একেই কথা।

ইয়াৰ পূৰ্বে ৰেড কাৰ্পেটত পুৰণি কাপোৰ পিন্ধি প্ৰশংসা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। যোৱা বছৰ কেটে চাৰি বছৰৰ ব্যৱধানত দুখন ছবিৰ প্ৰিমিয়াৰলৈ আলেকজেণ্ডাৰ মেককুইনৰ চুট পিন্ধি আহিছিল।

ফেশ্বনত বাচন-বৰ্তন ব্যৱহাৰ অৱশ্যে নতুন কথা নহয়। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত লণ্ডন ফেশ্বন উইকৰ সময়ত ডিজাইনাৰ ডিলাৰা ফিণ্ডিকোগলুৱে পুৰণি কটাৰীৰ পৰা এটা আকৰ্ষণীয় গাউন তৈয়াৰ কৰিছিল, যিটো পিছলৈ এমা ক’ৰিন আৰু হেৰী নেফৰ দৰে তাৰকাই পিন্ধিছিল।

উল্লেখ্য যে ২০২৪ চনত এলি ৰথৰ পৰিচালনাত নিৰ্মিত কল্পবিজ্ঞান একচন ছবি বৰ্ডাৰলেণ্ডছত লিলিথৰ চৰিত্ৰত অভিনয় কৰিছে কেট ব্লেনচেটে। জনপ্ৰিয় ভিডিঅ’ গেমৰ আধাৰত নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন।

Related News