NORTHEAST NOW (Assamese)
অসম

উজনিৰ পৰা বাংলাদেশলৈ হয় গৰুৰ চোৰাং সৰবৰাহ: অভিযোগ আমছু খিলঞ্জীয়া আৰু জাতীয় সংগ্ৰামী সেনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2023 8:25 pm
cattle smuggle

উজনিৰ ৰাজমাই বজাৰৰ পৰা বাংলাদেশলৈ দীৰ্ঘদিনৰ পৰাই সৰবৰাহ হৈ আহিছে চোৰাং গৰু, মুখ্যত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথক মূল কৰিড’ৰ হিচাপে লৈ নুমলীগড় হৈ গৰুৰ চোৰাং সৰবৰাহ হৈ থকাৰ গুৰুতৰ অভিযোগ উথাপন কৰিছে আমছু খিলঞ্জীয়া আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুই সংগঠনে।

একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ সৈতে অতি ঘনিষ্ঠ বুলি চৰ্চিত ৰাজমাই বজাৰৰ মহলদাৰ জনৈক গগৈয়ে ৰাজনৈতিক আৰ্শীবাদৰ সুযোগ গ্ৰহণ কৰি ৰাজমাই বজাৰ পৰা গৰু চোৰাং বজাৰ খন চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ উত্থাপন কৰিছে আমছু খিলঞ্জীয়া কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বাবুল আলি আৰু জাতীয় সংগ্ৰামী সেনা কেন্দ্ৰীয় যুতীয়া সম্পাদক মানৱ গগৈয়ে।

ইফালে সংগঠন দুটাই অভিযোগ কৰা অনুসৰি ৰাজমাই বজাৰৰ মহলদাৰ জনৈক গগৈয়ে আৰক্ষীক মেনেজ কৰি দেৰগাঁৱ আৰক্ষী থানাত আমছু খিলঞ্জীয়া নামৰ সংগঠনটোৰ কেইবাগৰাকীও সদস্যৰ বিৰুদ্ধে গোচৰ ৰজু কৰি উক্ত গোচৰৰ ভিত্তিত সংগঠনটোৰ সদস্যক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।

যাৰ বাবে সংগঠন দুটাই আজিৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে দি সৰবৰাহ কৰা চোৰাং গৰুভৰ্ত্তি বাহনৰ বিৰুদ্ধে অভিযানত নামি পৰা পৰিলক্ষিত হৈছে।

আনহাতে মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নীৰ পাছতো অবৈধ গো সৰবৰাহকাৰী চক্ৰই গো আইনক বুঢ়া আঙুলি দেখুৱাই সকলো নীতি নিয়ম উংলঘাৰে অবৈধ গো সৰবৰাহ অব্যাহত ৰখাৰ অভিযোগ উথাপন কৰিছে সংগঠন দুটাই।