NORTHEAST NOW (Assamese)
Popular Stories

চমকপ্ৰদ আৱিষ্কাৰ! গুহাৰ মাজত উদ্ধাৰ হ’ল ৪৫ হাজাৰ বছৰ পুৰণা এটা মানৱ কংকাল, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 6:05 pm

প্ৰায় ৪৫ হাজাৰ বছৰ আগতে বাস কৰি যোৱা মানুহৰ কংকাল লাভ কৰা গৈছে।

ডিএনএ পৰীক্ষা কৰাৰ পাছত কংকালটো পুৰুষৰ বুলি তথ্য পোৱা গৈছে।

তদুপৰি কংকালটোৰ কাষতে এগৰাকী মহিলাৰ কংকালো লাভ কৰা গৈছে।

মহিলাগৰাকী অৱশ্যে পুৰুষজনকৈ এক হাজাৰ বছৰৰ সৰু অৰ্থাৎ মহিলাগৰাকী ৩৫ বছৰ পূৰ্বৰ।

বুলগেৰিয়াৰ ড্ৰায়ান’ভ’ (Dryanovo) নামৰ চহৰখনৰ কাষৰীয়া বাচো কিৰো (Bacho Kiro) নামৰ গুহাটোত লাভ কৰা হৈছে এই কংকাল।

উল্লেখযোগ্য যে আজিৰে পৰা ৩ লাখ বছৰৰ পূৰ্বে আফ্ৰিকা মহাদেশত মানুহৰ আদিম প্ৰজাতি হোমো চেপিয়েন্সৰ আবিৰ্ভাৱ ঘটিছিল।

তাৰপিছতে সমগ্ৰ পৃথিৱীতে হম’ চেপিয়েন্সে প্ৰব্ৰজন কৰিবলৈ ধৰে।

কেৱল হম’ চেপিয়েন্সেই নহয়, পৃথিৱীত সেই সময়ত নিয়াণ্ডাৰথাল প্ৰজাতিৰো মানুহে বসবাস কৰিছিল।

৪০ হাজাৰ বছৰ পূৰ্বে নিয়াণ্ডাৰথাল প্ৰজাতিটো লুপ্ত হয়।

বুলগেৰিয়াত আৱিষ্কাৰ হোৱা কংকালটোৰ পৰা বিজ্ঞানীসকলে এক চমকৎকাৰ তথ্য লাভ কৰিছে।

বিজ্ঞানীসকলে কয় যে কংকালটোৰ ডিএনএসমূহ পৰীক্ষা কৰি চোৱাৰ পাছত হম’ চেপিয়েন্স আৰু নিয়েণ্ডাৰথাল- দুয়োটা প্ৰজাতিৰে সংমিশ্ৰন উক্ত কংকালটোত পোৱা গৈছে।

কংকালটোৰ ৩ৰ পৰা ৩.৮ শতাংশ ডিএনএ নিয়েণ্ডাৰথাল প্ৰজাতিৰ।

বিজ্ঞানীসকলে কৈছে যে ইয়াৰ পৰা প্ৰমাণ পোৱা গৈছে যে দুয়োটা প্ৰজাতিয়ে নিয়মিত পৰস্পৰে পৰস্পৰৰ সংস্পৰ্শলৈ আহিছিল।