NORTHEAST NOW (Assamese)
দেশ

ধনৰ বিনিময়ত প্ৰশ্ন গোচৰ: মহুৱা মৈত্ৰৰ বিৰুদ্ধে এইবাৰ তদন্ত আৰম্ভ চিবিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2023 7:37 pm
Mahua Moitra

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন কৰা বুলি উত্থাপিত অভিযোগৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে। ইতিপূৰ্বে আন এটা তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটেও মৈত্ৰৰ বিৰুদ্ধে একেটা গোচৰতে চলাই আছিল তদন্ত।

লোকপালৰ নিৰ্দেশত মৈত্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা বুলি উল্লেখ কৰিছে চিবিআয়ে। অৱশ্যে তৃণমূল সাংসদগৰাকীৰ বিৰুদ্ধে এইপৰ্যন্ত এজাহাৰ পঞ্জীয়ন কৰা নাই বুলি তদন্তকাৰী সংস্থাটোৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিজেপিৰ সাংসদ নিশিকান্ত ডুবেৰ অভিযোগৰ ভিত্তিত মৈত্ৰৰ বিৰুদ্ধে চিবিআইৰ এই তদন্ত আৰম্ভ হৈছে। ইতিপূৰ্বে ডুবেই যোৱা ৮ নৱেম্বৰত লোকপালে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশ বিবেচনা কৰি মৈত্ৰৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি দাবী কৰিছিল।

ডুবেই তেওঁৰ এজাহাৰত মহুৱা মৈত্ৰই ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ নিৰ্দেশত উপঢৌকনৰ বিনিময়ত আদানী গোট আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোকসভাত প্ৰশ্ন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

তৃণমূল নেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সন্দৰ্ভত লোকসভাৰ নৈতিকতা সমিতিয়ে তদন্ত চলাইছিল আৰু চলিত মাহৰ আৰম্ভণিতে মৈত্ৰক নিম্ন সদনৰ পৰা অযোগ্য ঘোষণা কৰাৰ পৰামৰ্শৰে প্ৰতিবেদন গ্ৰহণ কৰিছিল।

লোকসভাৰ নৈতিকতা সমিতিৰ এই প্ৰতিবেদন লোকসভাৰ অধ্যক্ষ ওম বিৰলাক দাখিল কৰা হৈছে। অৱশ্যে উত্থাপিত এই অভিযোগক মহুৱা মৈত্ৰই ৰাজনৈতিক প্ৰতিশোধ পূৰণৰ আহিলা বুলি অভিহিত কৰে আৰু সমগ্ৰ অভিযোগ খাৰিজ কৰিছে।