NORTHEAST NOW (Assamese)
Popular Stories

কাৰাগাৰত কিহৰ ভয়ে খেদিছে কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 5:04 pm
shina bora

কাৰাগাৰৰ ভিতৰত তেওঁ অনবৰতে এক ভয়ৰ আৱৰ্তত ৰৈছে।

সেই ভয়ৰ বাবেই তেওঁ যোৱা কিছুদিন ধৰি ভালদৰে শুৱ পৰা নাই, ভালদৰে খাবও পৰা নাই।

কন্যা শ্বিনা বৰাৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে এতিয়া সেই ভয়ৰ বাবেই বিচাৰিছে কাৰাগাৰৰ পৰা ওলাই গৈ আন ক’ৰৱাত থাকিবলৈ।

সেইবাবেই তেওঁ কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে চি বি আইৰ বিশেষ আদালতত অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনাইছিল।

কিন্তু কিহৰ ভয়ে কাৰাগাৰৰ ভিতৰত খেদি ফুৰিছে ইন্দ্ৰাণীক?

সেই ভয় কোনো ভূত-প্ৰেতৰ ভয় নহয়,ইন্দ্ৰাণী মুখাৰ্জীয়ে ভয় কৰিছে ক’ৰ’ণাক।

মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা বহু কেইজন বন্দী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে ইন্দ্ৰাণী মুখাৰ্জীয়েও ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা কৰি চি বি আইৰ বিশেষ আদালতত  ৪৫ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনাইছিল।

কিন্তু আদালতে আজি ইন্দ্ৰাণীৰ আবেদন নাকচ কৰে।

চৰকাৰী অধিবক্তা মনোজ চালানডানে এই প্ৰসংগত কয় যে ইন্দ্ৰাণী মুখাৰ্জী কোনো ৰোগত আক্ৰান্ত হোৱা নাই আৰু সেই বাবে তেওঁক জামিন দিয়াৰো যুক্তি নাই।