NORTHEAST NOW (Assamese)
অসম

‘বন্দুকৰ বিৰুদ্ধে যুঁজিছো, নিগনিৰ বিৰুদ্ধে যুঁজিবলৈ ভয় কিহৰ’?— কাক উদ্দেশ্যি মমতাৰ এইপাত শৰ ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 7:49 am
mamata-banerjee

২৯৪ জনীয়া বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু হোৱা পশ্চিমবংগত এতিয়া শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সৃষ্টি হোৱা ৰাজনৈতিক যুদ্ধ খন অতি প্ৰকট হৈ পৰিছে।

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ৰাজ খনলৈ নিৰাপত্তা বাহিনীৰ ১২৫ টা কোম্পানী প্ৰেৰণৰ নিৰ্দেশ দিয়াৰ বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে শেহতীয়াকৈ মমতাক শলঠেকত পেলাই চিবিআই-এ জাৰি কৰিছে এখন বিশেষ জাননী।

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক তথা সাংসদ অভিষেক বেনাৰ্জীৰ পত্নী আৰু খুলশালীয়েকলৈ চিবিআই-এ পূৰ্বৰ কয়লা কেলেংকাৰী সম্পৰ্কীয় এটা গোচৰত জাননী প্ৰেৰণ কৰিছে।

চিবিআই-এ ভতিজাকৰ পৰিয়াললৈ এনেদৰে হঠাতে জাননী প্ৰেৰণ কৰাৰ পিছতে কেন্দ্ৰ শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে অধিক অগ্নিবৰ্ষী হৈ পৰিছে মমতা।

এই প্ৰসংগত মন্তব্য কৰি মমতাই কয় যে তেওঁ বন্দুকৰ বিৰুদ্ধে বহু যুদ্ধ কৰিছে।

এতিয়া নিগনিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁ ভয় কৰিব কিয়? ২০২১ৰ বিধানসভা নিৰ্বাচনক এখন ফুটবল খেলৰ সৈতে তুলনা কৰি মমতাই কয় যে সেই খেলত গ’ল ৰক্ষক হ’ব তেওঁ ।

খেলত কোন জিকে কোন হাৰে সেয়া সময়ে প্ৰমাণ কৰিব বুলি মমতাই কয়। কাৰাবাসৰ ভয় দেখুৱাই কোনেও তেওঁক ক্ষান্ত কৰিব নোৱাৰে বুলিও মমতাই স্পষ্ট কৰি দিয়ে।

উল্লেখ্য মমতাৰ ভতিজাক অভিষেক বেনাৰ্জীৰ পত্নী ৰুজিৰা বেনাৰ্জী আৰু খুলশালীয়েক মেনকা গম্ভীৰৰ বিৰুদ্ধে কয়লা কেলেংকাৰী সন্দৰ্ভত চিবিআই-এ জাৰি কৰা জাননীত দুয়োগৰাকী ব্যক্তিকে চিবিআইৰ প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ নিজৰ ঘৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

যোৱা বছৰৰ নৱেম্বৰ মাহত চিবিআই-এ কয়লাৰ অবৈধ সৰবৰাহ আৰু কয়লা চুৰিৰ অভিযোগত ইষ্টাৰ্ণ ক’লফিল্ড লিমিটেডৰ সৈতে জৰিত মাঝি ওৰফে লালা,কোম্পানীটোৰ প্ৰবন্ধক অমিত কুমাৰ ধৰ,জয়েশ চন্দ্ৰ ৰায় আদিৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছিল।

উক্ত গোচৰত মমতাৰ ভতিজাক তথা তৃণমূল সাংসদ অভিষেক বেনাৰ্জীৰ পৰিয়ালৰ নামো সাঙোৰ খাই পৰিছিল।