NORTHEAST NOW (Assamese)
Popular Stories

আৰজি কৰ গোচৰৰ শেহতীয়া অগ্ৰগতিৰ ৰিপৰ্ট উচ্চতম ন্যায়ালয়ত দাখিল চিবিআইৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 15, 2024 3:36 pm

উচ্চতম ন্যায়ালয়ত আৰ জি কৰ গোচৰৰ শুনানি আৰম্ভ হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দীৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাৰ বিচাৰপীঠৰ সন্মুখত চি বি আইৰ হৈ শেহতীয়া ষ্টেটাছ ৰিপৰ্ট দাখিল কৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। আদালতত এছ জি মেহতাই কয় যে ৭ অক্টোবৰত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত চিবিআইয়ে অভিযোগনামা জাৰি কৰিছিল।

মুখ্য ন্যায়াধীশে সোধে- ‘আমি চাব বিচাৰো টাস্ক ফ’ৰ্চে কি কৰিছে?’ ছলিচিটৰ জেনেৰেলে কয় যে চিবিআইৰ বিষয়াসকল নিয়মীয়াকৈ ভুক্তভোগীৰ পিতৃ-মাতৃৰ সৈতে যোগাযোগত আছে

আদালতত চিবিআইয়ে কয় যে সঞ্জয় ৰায়ৰ বাহিৰে ধৰ্ষণ আৰু হত্যাৰ গোচৰত কোনে ভূমিকা লৈছিল সেই সন্দৰ্ভত অধিক তদন্তৰ প্ৰয়োজন। লগতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ কাৰ্যকালত সংঘটিত হোৱা আৰ্থিক অনিয়মৰ সন্দৰ্ভতো তদন্ত অব্যাহত আছে।

আদালতৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি অধিবক্তা ব্রীণ্ডা গ্ৰ’ভাৰে আদালতত কয় যে ইলেক্ট্ৰনিক এণ্ড ইনফৰ্মেশ্যন টেকন’লজিয়ে এজন ন’ডেল বিষয়া নিযুক্তি দিছে। ন’ডেল বিষয়াগৰাকীয়ে পৰিচয় প্ৰকাশকে ধৰি ভুক্তভোগীৰ বিষয়ে অনলাইন প্ৰচাৰৰ সৈতে জড়িত বিষয়সমূহ চাব।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে ছলিচিটৰ জেনেৰেলক প্ৰশ্ন কৰে, টাস্ক ফ’ৰ্চৰ অৱস্থা কি? ইয়াৰ উত্তৰত তুষাৰ মেহতাই কয় যে শেষৰখন বৈঠক ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল। তাৰ পাছত মুখ্য ন্যায়াধীশে ক’লে, ৫ ছেপ্টেম্বৰৰ পিছত কাম কিমান আগবাঢ়িছে? মেহতাৰ উত্তৰ, মই ভাবো টাস্ক ফৰ্চে যি কৰিব সেয়া বহু সময় লাগিব, গতিকে হয়তো তেওঁলোকে সময় উলিয়াইছে।