NORTHEAST NOW (Assamese)
Popular Stories

লুই বাৰ্জাৰ কেলেংকাৰি : জি এম ডি এৰ সচিব মহন্ত, মুখ্য কাৰ্য্যবাহী বিষয়া মজুমদাৰক চি বি আইৰ জেৰা

Posted by: কল্পজ্যোতি শইকীয়া September 27, 2018 2:45 pm
CBI at GMDa

গুৱাহাটী মহানগৰীত খোৱাপানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত সংঘটিত কেইবা কোটিটকীয়া লুই বাৰ্জাৰ কেলেংকাৰিৰ তদন্তৰ বাবে কালি গুৱাহাটীত উপস্থিত হোবা চি বি আইৰ দলে তেওঁলোকৰ তদন্ত অভিযান অব্যাহত ৰাখিছে।

আজি চি বি আইৰ এছ পি ৰাজীৱ ৰঞ্জনৰ নেতৃত্বত অহা ৬ জনীয়া চি বি আই দলে জি এম ডি এ কাৰ্য্যালয়ত উপস্থিত হৈ বহু আমোলা বিষয়াক লুই বাৰ্জাৰ কেলেংকাৰী সম্পৰ্কে সোধ পোছ কৰে।

দলটোৱে জি এম ডি এৰ সচিব পৰাগমণি মহন্ত, মুখ্য কাৰ্য্যবাহী বিষয়া ৰূপক মজুমদাৰকে ধৰি বহুকেইগৰাকী আমোলা বিষয়াক জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কালি গুৱাহীটীত চি বি আইৰ দলে লুই বাৰ্জাৰ কেলেংকাৰি সন্দৰ্ভত উচ্চ ন্যায়ালয়ত গোচৰ তৰা আৰ টি আই কৰ্মী ভবেন সন্দিকৈক সাক্ষাৎ কৰি তেওঁৰ পৰা কেতবোৰ আনুসংগিক তথ্য গ্ৰহণ কৰিছিল।