NORTHEAST NOW (Assamese)
Popular Stories

জোনমণি ৰাভাই ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক ডিভাইছ সমূহ পৰীক্ষা কৰিব চিবিআই-এ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2023 8:23 pm

অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা(চিবিআই)ই জোনমণি ৰাভাই ব্যৱহাৰ কৰা সকলো বৈদ্যুতিন সঁজুলি পৰীক্ষা কৰিবলৈ ওলাইছে।

সূত্ৰ অনুসৰি চিবিআইয়ে মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাক আউটপোষ্টত থকা কাৰ্যকালত জোনমণি ৰাভাই ব্যৱহাৰ কৰা সকলো ইলেক্ট্ৰনিক সঁজুলি জমা দিবলৈ আহ্বান জনাইছে।

সূত্ৰটোৱে জনোৱা মতে, যিহেতু জোনমণি ৰাভাৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি এই ঘটনাত আৰক্ষী অধীক্ষক লীনা দলে জড়িত আছে, সেয়ে লীনা দলেকো সোধ-পোচৰ বাবে মাতিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে চি বি আইৰ ছয়জনীয়া এটা আই টি দলে জোনমণি ৰাভাৰ ইলেক্ট্ৰনিক ডিভাইছসমূহ পৰীক্ষা কৰিব।

সূত্ৰটোৱে জনোৱা মতে, আই টি দলটোৰ হাতত নিৰ্দিষ্ট চ’ফ্টৱেৰ আছে যিয়ে ষ্ট’ৰেজ ডিভাইচৰ পৰা ডিলিট কৰা তথ্যও উদ্ধাৰ কৰিব পাৰে। 

উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মাতৃয়ে পূৰ্বে অভিযোগ কৰিছিল যে জোনমণিৰ ফোনটোৰ ডাটা ডিলিট হৈ গৈছে আৰু সেয়েহে ফোনটো ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজন।

নগাঁৱৰ কাৰ্যকালত জোনমণি ৰাভাই ব্যৱহাৰ কৰা সকলো ডিভাইচ পৰীক্ষা কৰিব আই টি দলটোৱে।

এই ঘটনাৰ সন্দৰ্ভত সোমবাৰে এছ আই আভাজ্যোতি ৰাভাকে ধৰি চাৰিজন আৰক্ষী বিষয়াকো চিবিআইয়ে সোধা-পোছা কৰে।