NORTHEAST NOW (Assamese)
দেশ

কাৰাৰুদ্ধ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰ চিবিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2023 3:42 pm
Sisodia

সুৰা কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰত ৰুজু কৰিছে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ। এইবাৰ দিল্লী চৰকাৰৰ ফিডবেক ইউনিট (এফ বি ইউ)ত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত চিছ’দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰেছে তদন্তকাৰী সংস্থাটোৱে।

২০১৫ চনত দিল্লীত ক্ষমতালৈ অহাৰ পিছত আপে গঠন কৰিছিল এই ফিডবেক ইউনিট (এফ বি ইউ)। চিবিআইৰ দাবী মতে, এই ফিডবেক ইউনিটৰ অবৈধ পদ্ধতিৰে গঠন কৰা হৈছিল আৰু এনে অবৈধ পদ্ধতিৰে কাম কৰাৰ ফলত চৰকাৰী ৰাজকোষত প্ৰায় ৩৬ লাখ টকাৰ অনিয়ম হৈছে।

ইফালে দলীয় সতীৰ্থ চিছ’দিয়াৰ বিৰুদ্ধে চিবিআইৰ এই নতুন গোচৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। চিবিআইৰ এই পদক্ষেপক কেজৰিৱালে দেশৰ বাবে দুখজনক বুলি অভিহিত কৰে।

আপৰ মুৰব্বীগৰাকীয়ে লগতে মনীষ চিছ’দিয়াৰ বিৰুদ্ধে এয়া প্ৰধানমন্ত্ৰী মোদীৰ ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে। “প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা হৈছে মনীষৰ বিৰুদ্ধে কেইবাটাও ভুৱা গোচৰ জাপি দি দীৰ্ঘদিন জিম্মাত ৰখোৱা। দেশৰ বাবে এয়া দুখৰ কথা!”– এক টুইট যোগে কেজৰিৱালে কয়।

উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত চিছ’ডিয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিছিল। চিবিআইৰ প্ৰতিবেদনত চিছ’ডিয়াই ফিডবেক ইউনিটক ৰাজনৈতিক তথ্য সংগ্ৰহৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

ভাৰতীয় জনতা পাৰ্টিয়ে চিছ’দিয়া আৰু আপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী কেজৰিৱালে এই অভিযোগক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি উত্থাপিত অভিযোগ খণ্ডন কৰিছে।