NORTHEAST NOW (Assamese)
দেশ

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2022 11:29 am
New case against Lalu Prasad Yadav

পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিন লাভ কৰাৰ কিছুদিন পিছতে এইবাৰ আন এক দুৰ্নীতিৰ গোচৰত সাঙুৰ খাইছে লালু প্ৰসাদ যাদৱ। আৰ জে ডিৰ মুৰব্বী লালুৰ বিৰুদ্ধে ২০০৪ ৰ পৰা ২০০৯ চনৰ ভিতৰত ৰে’ল মন্ত্ৰীত্বৰ কালত নিযুক্তিত অনিয়মৰ অভিযোগত এটা নতুন দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছে চি বি আই- এ।

যাদৱৰ উপৰিও তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী, কন্যা তথা ৰাজ্যসভাৰ সাংসদ মিছা ভাৰতী আৰু পৰিয়ালৰ আন কিছু সদস্যক এই নতুন গোচৰত অভিযুক্ত হিচাপে অভিযোগ দাখিল কৰা হৈছে।

চিবিআই- য়ে আজি পুৱাৰে এই গোচৰ সন্দৰ্ভত লালু প্ৰসাদ যাদৱৰ বাসভৱনকে ধৰি ১৫ টা স্থানত তালাচী চলাইছে।

চিবিআইৰ অভিযোগ অনুসৰি ৰে’ল মন্ত্ৰীত্বৰ কালত লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৰে’লৱেৰ চাকৰি দিয়াৰ বাবে ভূমি আৰু আন সম্পত্তি উৎকোচ হিচাপে গ্ৰহণ কৰিছিল।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত ১৩৯ কোটি টকাৰ ডৰাণ্ডা ট্ৰেজাৰী কেলেংকাৰী গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালুক জামিন প্ৰদান কৰিছিল। চিবিআইৰ এখন বিশেষ আদালতে ফেব্ৰুৱাৰীত উক্ত গোচৰত পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখটকাৰ জৰিমনা আৰোপ কৰিছিল।

আনহাতে লালুৰ বিৰুদ্ধে এই নতুন গোচৰক ষড়যন্ত্ৰ আখ্যা দিছে আৰজেডি- এ। দলটোৰ বিধায়ক ড০ মুকেশ ৰোশনে লালু যাদৱ আৰু তেজস্বী যাদৱৰ জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈয়ে শাসকীয় দলে এই ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰে।

আনহাতে দলৰ এগৰাকী জ্যেষ্ঠ নেতা আলোক মেহতাই এয়া বিৰোধী দলক শেষ কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। তেওঁ কয় যে এই অভিযোগৰ কোনো ভিত্তি নাই। শাসকপক্ষক কৰা সমালোচনা নীৰৱ কৰিবলৈকে এই গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে।