NORTHEAST NOW (Assamese)
অসম

দহ সহস্ৰাধিক কোচ-ৰাজবংশী যুৱক-যুৱতীক চৰকাৰীভাৱে সংস্থাপন দিয়ক: মুখ্য কাৰ্যবাহী গোকুল বৰ্মন

Posted by: তিলক চন্দ্র প্রসাদ, চাপৰ Updated by: তিলক চন্দ্র প্রসাদ, চাপৰ October 17, 2021 8:26 pm
WhatsApp Image 2021-10-17 at 7.38.21 PM

‘অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অবিভক্ত গোৱালপাৰা জিলাৰ ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদ এলেকাক বাদ দি গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাক সামৰি গঠন কৰা কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদে অতিকে পিছপৰা অঞ্চলটোৰ উন্নয়ন তৰান্বিত কৰাৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ কলা-কৃষ্টি আৰু সংস্কৃতিক সুৰক্ষা প্ৰদান কৰিব।‘

এই মন্তব্য কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনৰ।

তেওঁ কয়, ‘’ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী ৰনোজ পেগুক ধন্যবাদ জ্ঞাপন কৰিছো। কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদৰ সদৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত স্থাপন কৰা হব। জনজাতিকৰণ আমাৰ জন্মগত স্বত্ব, অচিৰেই চৰকাৰে এই কথা ৰাজহুৱা কৰিব বুলি মই আশাবাদী।দহ সহস্ৰাধিক কোচ ৰাজবংশী যুৱক-যুৱতীক চৰকাৰীভাবে সংস্থাপন দিয়াৰ বাবে মই দাবী উত্থাপন কৰিছোঁ।‘’

আজি দুপৰীয়া সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ চাপৰ অঞ্চলিকৰ উদ্যোগত আৰু কোচ-ৰাজবংশী মহিলা সমিতিৰ সহযোগত চাপৰ চহৰৰ ‘প্ৰগতি সংঘ ভৱন’ত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে এইদৰে কয়।

বৰ্মন আৰু তেওঁৰ সতীৰ্থবৃন্দৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাকো উষ্ম আদৰণি জনোৱা হয়।

ইপিনে কণ্ঠশিল্পী দীপলিনাই কোচ-ৰাজবংশী মহিলাৰ জাতীয় সাজপাৰ ‘পাটানী’ পৰিধানেৰে গীত আৰু নৃত্য পৰিবেশন কৰি ৰাইজক আপ্লুত কৰি তোলে।

উক্ত সম্বৰ্ধনা সভাতেই মুখ্য কাৰ্যবাহী পাৰিষদ বৰ্মন আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ লগতে ‘কেএচি’ৰ কাৰ্যবাহী পাৰিষদ ক্ৰমে পূৰবী সৰকাৰ,  গোলাপ পাঠক, সুধীৰ ৰায়, প্ৰদীপ ৰায়, কাৰ্তিক ৰায় আৰু পাৰিষদ সবিতা সিংহ আৰু মুকুল বৰুৱাৰ লগতে বহুকেইগৰাকী স্থানীয় সমাজকৰ্মী তথা নেতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে আজি দুপৰীয়া চাপৰ পৰিদৰ্শন বঙলাৰ পৰা KAC ৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ গকুল বৰ্মন, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা প্ৰমুখ্যে সকলো অতিথি বৃন্দক চাপৰ প্ৰগতি সংঘ ভৱন প্ৰাঙ্গনলৈকে জাতীয় সাজ পাৰ পিন্ধি জনগোষ্ঠীয় বিভিন্ন নৃত্য গীত তথা ঢোলে ডগৰে অতি আকৰ্ষণীয় তথা আনন্দৰ পৰিবেশৰ মাজেৰে আদৰি অনা দৃশ্যই সকলোকে আপ্লুত কৰে।

এই অনুষ্ঠানত অধিকাংশ মহিলা, কিশোৰী, যুৱতী তথা আই মাতৃসকল জাতীয় সাজপাৰ পাটানি পিন্ধি আহি অংশ গ্ৰহণ কৰা দৃশ্যই সভাৰ সৌষ্ঠৱ অধিক বৃদ্ধি কৰে।

অতি শৃংখল তথা নীতি-নিয়মৰ মাজেৰে উক্ত সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। সদৌ চাপৰ আঞ্চলিক কোচ -ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী মহিলা সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্য-সদস্যা সকল নিয়াৰিকৈ এই সভা সম্পন্ন কৰাত নিজকে আত্মিকৰূপে মনোনিবেশ কৰা দেখা যায়।

এই সম্বৰ্ধনা সভাত মুখ্য কাৰ্য্যবাহী পাৰিষদ গোকুল বৰ্মনৰ উপৰি কেইবাগৰাকী অতিথিয়ে বক্তব্য প্ৰদান কৰি সকলোকে উৎসাহিত কৰে।