NORTHEAST NOW (Assamese)
Popular Stories

গৃহকন্দল! হঠাৎ কিয় আছু ত্যাগ কৰিলে কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সীমান্ত ঠাকুৰীয়া আৰু অন্য তিনি নেতাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 12, 2020 5:40 pm

যোৱা ৮ অক্টোবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল সীমান্ত ঠাকুৰীয়াই।

পদত্যাগ কৰি সোমবাৰে ঠাকুৰীয়াই দিঘলীপুখুৰীৰ সমীপৰ গৌৰীসদনত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান উলংঘা কৰি ৰাজনৈতিক দল গঠন কৰা হৈছে বুলিও ঠাকুৰীয়াই গুৰুতৰ অভিযোগ কৰে।

তেওঁ কয় ‘সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য ভৰিৰে মোহাৰি দীপাংক নাথে ব্যক্তিগত তথা উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁৰ আজ্ঞাবাহী ভৃত্তৰ এখন সমিতি গঠন কৰে। তেওঁ সভাপতি হিচাপে ৰজমিল আলি, সাধাৰণ সম্পাদক ৰাইফুদ্দিন আহমেদ, আনোৱাৰ হুছেইন আৰু তুতুমণি চদিক দায়িত্ব অৰ্পন কৰে।‘

‘সংবিধানৰ অনুচ্ছেদ ১৫ অনুসৰি সন্থাৰ এজন হিচাপ পৰীক্ষকৰ প্ৰয়োজন থাকে। কিন্তু আজি পৰ্য্যন্ত হিচাপ পৰীক্ষক নিয়োজিত হোৱা নাই। যদি হিচাপ পৰীক্ষক আছে বুলি কয় তেন্তে নামটো ৰাজহুৱা কৰক। কিয়নো অনুচ্ছেদ ১৫ মতে হিচাপৰ ক্ষেত্ৰত কিবা ত্ৰুটি বা খেলি-মেলি পালে সেই সময়ত ল’বলগীয়া ব্যৱস্থাৰ বাবে হিচাপ পৰীক্ষকে পৰামৰ্শ দিব।‘

ইপিনে, সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানখন সভাপতিৰ দ্বাৰা বাৰেপতি উলংঘন কৰি অহা হৈছে বুলি অনুভৱ কৰা বুলি উল্লেখ কৰি সীমান্তই লগতে কয়, ‘অনুচ্ছেদ ৫ অনুসৰি কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য থাকিব নোৱাৰিব। তেনেস্থলত তেওঁ সদৌ অসম ছাত্ৰ সন্থা আৰু অন্য সংগঠনৰ লগত লগ লাগি দল গঠন কৰিব বুলি জনায়।‘

তেওঁ কৰা এই ভুলৰ বাবে আছুৰ পৰা পদত্যাগ কৰি ৰাজনৈতিক দলত যোগদান কৰিবলৈ আহ্বান জনায় সীমান্ত ঠাকুৰীয়াই।

ইয়াৰ উপৰি, যোৱা ৯ ছেপ্টেম্বৰত সভাপতি দীপাংক কুমাৰ নাথে মৌখিক নিৰ্দেশৰ জৰিয়তে সদৌ গুৱাহাটী ছাত্ৰ সন্থা ভংগ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ অভিযোগ কৰে ঠাকুৰীয়াই।

তেওঁ কয়, ”সভাপতি নাথৰ নিৰ্দেশ মৰ্মে ৩ অক্টোবৰত কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই এখন পত্ৰযোগে সমিতিখন ভংগ কৰে। যিটো মই জ্ঞাত নাছিলো। এইবাবে মই মোৰ অনুজসকলৰ ওচৰত লজ্জিত হৈছো। এই প্ৰসংগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিপুল ৰাভা আৰু তপন কলিকাক প্ৰশ্ন কৰাত তেওঁলোকো জ্ঞাত নাছিল বুলি জানিবলৈ দিয়ে। দীপাংক কুমাৰ নাথে মানসিক আতিশয্য চলোৱা অনুভৱ কৰি আহিছো।”

উল্লেখ্য যে, বৃহস্পতিবাৰে সীমান্ত ঠাকুৰীয়াই পদত্যাগ কৰাৰ পিছতে সোমবাৰে পুনৰ ৩ গৰাকী নেতাই আছু ত্যাগ কৰে। কামৰূপ মহানগৰ জিলা কাৰ্যনিৰ্বাহক ৰকিবুল আহমেদ, দক্ষিণ গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা আমিনুল হক, পূব গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা প্ৰাণজিৎ দাসে আজি পদত্যাগ কৰে।

সীমান্ত ঠাকুৰীয়াই সংবাদমেলত অনা অভিযোগৰ পাছতেই আমি ফোনযোগে দীপাংক নাথক যোগাযোগ কৰিছিলো যদিও যোগাযোগ সম্ভৱ নহ’ল।