NORTHEAST NOW (Assamese)

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা সম্পন্ন

December 2, 2019 7:05 am · পার্শ্বজোতি গগৈ
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিমূলক সাধাৰণ সভাৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

দেওবাৰে শিৱসাগৰৰ বৰপুখুৰী পাৰত অৱস্থিত যুৱদ’লৰ প্ৰেক্ষাগৃহত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধিমূলক সাধাৰণ সভা অনুষ্ঠিত হয়।

সাধাৰণ সভাৰ পূৰ্বে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দ্বাৰা এখনি মুকলি সভাৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মৃদুল দাসে আতঁ ধৰা মুকলি সভাৰ সভাপতিত্ব কৰে পৰশজ্যোতি দাসে।

কেন্দ্ৰীয় সমিতিৰ সভাপতি ডা° হৰিকান্ত দাস, সাধাৰণ সম্পাদক পৰমানন্দ দাস, অ’ এন জি চিৰ কৰ্মচাৰী কল্যাণ পৰিষদৰ সম্পাদক জগৎ হাজৰিকা, সদস্য দ্বীপেন দাস, প্ৰাক্তন আছু কৰ্মী হেমেন দাস, সাংবাদিক মনোজ গগৈ, ফিৰোজ খান, যদুমণি দত্ত প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

বিশিষ্ট ব্যক্তিসকলে অসমৰ জাতীয় সমস্যাৰ লগতে অনুসূচিত জাতিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে।

মুকলি সভাৰ পিছতেই কেন্দ্ৰীয় প্ৰতিনিধিমূলক সাধাৰণ সভা আয়োজন কৰা হয়। সভাত পুৰণি কেন্দ্ৰীয় সমিতি ভংগ কৰি নতুন সমিতি নিৰ্বাচিত কৰা হয়।

অসমৰ সমগ্ৰ জিলা সমিতিয়ে অংশগ্ৰহণ কৰি প্ৰতিনিধি প্ৰেৰণ কৰা সাধাৰণ প্ৰতিনিধিমূলক সভাত পূৰ্বৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয়।

আনহাতে, পৰশজ্যোতি দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়। পূৰ্বৰ  কেন্দ্ৰীয় সভাপতি ডা° হৰিকান্ত দাসক সন্থাৰ মুখ্য উপদেষ্টাৰ পদত সভাই অধিষ্ঠিত কৰে।

ইয়াৰ উপৰি প্ৰবীণ দাস, পিংকু দাস, ৰূপক দাস অৰু বিপুল দাসক উপ-সভাপতি, দিপাংকৰ দাসক মুখ্য সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। জগদীশ দাস, মনোজ মোহন দাস আৰু হৰেন দাসক সহ:সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।

প্ৰতিনিধি সভাত সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তদুপৰি অনুসূচিত জাতিৰ ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰ বাবে চৰকাৰক তীব্ৰ দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যত  ভয়াবহ ৰূপত বৃদ্ধি পোৱা ভুৱা জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত নতুন সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

Related News