NORTHEAST NOW (Assamese)

চৰকাৰে ১ কোটি ৰিক্সা চালকক প্ৰদান কৰিব ইলেকট্ৰ’নিক ৰিক্সা

June 6, 2020 8:43 am · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে দেশৰ এক কোটিৰো অধিক ৰিক্সা চালকক ইলেকট্ৰ’নিক ৰিক্সা প্ৰদানৰ যোজা চলাই আছে। ইয়াৰ বাবে চৰকাৰে অতি কম সূদৰ হাৰত ঋণ আগবঢ়াব।

ইলেকট্ৰ’নিক ৰিক্সা সন্দৰ্ভত চৰকাৰে কিছু কিছু নিয়মৰ সাল সলনি ঘটাব বুলিও জানিব পৰা গৈছে।

ই ৰিক্সা প্ৰদান কৰাৰ সিদ্ধান্তই সাধাৰণ লোকে অতি কম মূল্যতে মেট্ৰ’, বাছ আস্থান, ৰেইলৱে ষ্টেশ্যন আদিলৈ অহা-যোৱা কৰিব পাৰিব।

উল্লেখ্য যে পথ,পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ে তিনি বছৰ পূৰ্বেই ৰিক্সা চালক সকলক ই ৰিক্সা প্ৰদানৰ যোজনা লৈছিল।

চৰকাৰী তথ্য অনুসৰি দিল্লীত ১,৫০,০০০, পশ্চিম বংগত ১,২৫,০০০ আৰু অসমত প্ৰায় ১ লাখৰো অধিক ই ৰিক্সা অনুমতি নোহোৱাকৈয়ে চলাই আছে।

এনেধৰণৰ অনিয়ম নোহোৱা কৰাৰ বাবেই চৰকাৰে ৪ শতাংশ সূদত ঋণ দিয়াৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে চৰকাৰে অতি শীঘ্ৰে পূৰ্বৰ নিয়ম সমূহ কিছু সাল সলনি ঘটাই একৰ পৰা ডেৰ লাখ টকাত ই ৰিক্সা প্ৰদান কৰিব।

দেশৰ প্ৰায় এক কোটি দুখীয়া লোকক এই সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। তদুপৰি যিজনে এই ৰিক্সা চলাই বা যাৰ লাইচেঞ্চ থাকে তেওঁৱেই ই ৰিক্সাখনৰ গৰাকী হ’ব।

Related News