NORTHEAST NOW (Assamese)

ৰাজ্য সভাত কিৰেন ৰিজিজু : অসমত বসবাস কৰিছে অবৈধ ৰহিঙীয়াই

December 16, 2018 10:26 am · এন ই নাও নিউজ
কিৰেন ৰিজিজুৰ ফাইল ফটো

অবৈধ বাংলাদেশীয়ে নহয়, অসমত এতিয়া অবৈধ ৰহিঙীয়ায়ো বসবাস কৰিবলৈ লৈছে। সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। ৰাজ্য সভাৰ মজিয়াত শনিবাৰে কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে অসমত অবৈধ ৰহিঙীয়া থকাৰ কথা স্বীকাৰ কৰি এই কথা প্ৰকাশ কৰিছে।

ৰিজিজুৱে সংসদত জনায় যে এই অবৈধ ৰহিঙীয়াসকলে বসবাস কৰি থকাই নহয়, তেওঁলোকে আনকি ভাৰতীয় পৰিচয়-পত্ৰও সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

তেওঁ কয় যে উক্ত অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ হাতত এতিয়া ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ স্বৰূপ পেন কাৰ্ড, ভোটাৰ পৰিচয়-পত্ৰ, ড্ৰাইভিং লাইচেন্স থকাৰ লগতে আনকি বহু ৰহিঙীয়াই ভাৰতীয় পাৰপত্ৰও সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এই সন্দৰ্ভত অসমত বা ভাৰতত কিমান ৰহিঙীয়া লোক বসবাস কৰি আছে সেই তথ্য তেওঁ প্ৰকাশ কৰা নাই।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অবৈধ আৰু চোৰাং পথেৰে ভাৰতত প্ৰৱেশ কৰি গোপনে দেশৰ বিভিন্ন প্ৰান্তত বাস কৰি থকা ৰহিঙীয়াৰ সংখ্যা কিমান তাৰ তথ্য নিৰ্দিষ্টকৈ চৰকাৰৰ হাতত নাই।

দেশৰ আন প্ৰান্তত ৰহিঙীয়া শৰণাৰ্থী হিচাপে আশ্ৰয় লৈ থকা বুলি পূৰ্বতে প্ৰকাশ পাইছিল যদিও অসমত ৰহিঙীয়াসকলে বাস কৰি থকাৰ কথা প্ৰকাশ পোৱা নাছিল। কিন্তু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰিজিজুৱে ৰাজ্যসভাত অসমত অবৈধভাৱে ৰহিঙীয়াসকলে বসবাস কৰি থকা বুলি প্ৰকাশ কৰা তথ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ অসমত দীৰ্ঘদিন ধৰি চলি অহা সমস্যাটোৱে অসমবাসীক উদ্বিগ্ন কৰি ৰখাৰ সময়তে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীগৰাকীয়ে অসমত অবৈধ ৰহিঙীয়া বসবাস কৰি থকা বুলি স্বীকাৰ কৰা ঘটনাই অসমত নতুন এক বিতৰ্কৰ সৃষ্টি কৰাটো স্পষ্ট হৈ পৰিছে।

Related News