NORTHEAST NOW (Assamese)

বানপানীৰ ক্ষয়ক্ষতিৰ বুজ ল’বলৈ বোকাখাতত কেন্দ্রীয় আন্তঃমন্ত্রণালয় দল

August 28, 2020 7:04 pm · উত্তম শইকীয়া

চলিত বর্ষত বানপানীয়ে গোলাঘাট জিলাৰ বিভিন্ন এলেকাত কৰা ক্ষয়-ক্ষতিৰ বুজ ল’বৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দুজনীয়া এটি আন্তঃমন্ত্রণালয় দল আহি আজি বোকাখাতত উপস্থিত হয়।

এই দলৰ সদস্য দুগৰাকী হ’ল ভাৰত চৰকাৰৰ বিত্ত মন্ত্রণালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক এ কে প্রধান আৰু শক্তি মন্ত্রণালয়ৰ কেন্দ্রীয় বিদ্যুৎ প্রাধিকৰণৰ সহকাৰী সঞ্চালক অ’ পি সোমন৷

দলটোৱে আজি বানপানীত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে বোকাখাত মহকুমাধিপতি কার্য্যালয়ৰ সভাকক্ষত গোলাঘাট জিলা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্র মোডীৰ সভাপতিত্বত আয়োজিত এই আলোচনাত কৃষি, পশু-পালন, মীন, স্বাস্থ্য, পঞ্চায়ত ও গ্রামোন্নয়ন, শিক্ষা, গড়কাপ্তানী পথ সংমণ্ডল, জলসম্পদ, সমাজকল্যাণ, জনস্বাস্থ্য ও কাৰিকৰী, দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থকাৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কৰ্তৃপক্ষও উপস্থিত থাকে।

উক্ত আলোচনাত গোলাঘাট জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা জিলাখনত বানত হোৱা ক্ষয়-ক্ষতিৰ লগতে বানাক্রান্ত ৰাইজৰ বাবে প্রশাসনে লোৱা সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থাৰ তথ্যসম্বলিত সচিত্ৰ উপস্থাপন কৰে।

এই আলোচনাত উপস্থিত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে বিগত দুয়োটা বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনত হোৱা ক্ষয়ক্ষতিৰ বিস্তৃত তথ্য কেন্দ্রীয় দলটোৰ আগত দাঙি ধৰে।

আলোচনাৰ পাচত বানপানীত হোৱা ক্ষয়ক্ষতিৰ আৰু অধিক বুজ ল’বৰ বাবে আন্তঃমন্ত্রণালয় কেন্দ্রীয় দলটোৱে কাজিৰঙাৰ বান ক্ষতিগ্রস্ত এলেকা পৰিদর্শন কৰাৰ লগতে বানপানীত ক্ষতিগ্রস্ত হোৱা বাট-পথ, দলং, কৃষিভূমি, পানী যোগান আঁচনি তথা মথাউৰি আদিও পৰিদর্শন কৰে।

উক্ত পৰিদর্শন কালত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বোকাখাত ৰাজহ চক্র বিষয়া (সংলগ্ন) শ্বগুফতা অঞ্জুম চুহেলীৰ লগতে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া ৰনী ৰাজকুমাৰো উপস্থিত থাকে।

Related News