NORTHEAST NOW (Assamese)
Popular Stories

চেণ্ট্ৰেল ভিস্তা প্ৰকল্প চলাই যাবলৈ ক’লে দিল্লী উচ্চ ন্যায়ালয়ে, অভিযোগকাৰীক জৰিমণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2021 4:51 pm

কৰোণাৰ ভয়াৱহাৰ মাজতে নতুন সংসদ ভৱন নিৰ্মাণ অৰ্থাৎ চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম চলাই থকাক লৈ সমালোচনাৰ জোৱাৰ উঠিছে।

কিন্তু সেই প্ৰকল্প চলাই নিয়াৰ কথাই ক’লে দিল্লী উচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ে জানিবলৈ দিছে যে চেণ্ট্ৰেল ভিস্তা অপৰিহাৰ্য প্ৰকল্প, সেয়া ৰখাব নোৱাৰি।

প্ৰকল্পটোৰ বিৰুদ্ধে ন্যায়ালয়ত অভিযোগ উত্থাপন হোৱাৰ পৰিপ্ৰেক্ষিততে এই ভাষ্য প্ৰদান কৰে বিচাৰপতিসকলে।

ইয়াৰ বাবে অভিযোগকাৰীক জৰিমণাও বিহা হয়।

অভিযোগকাৰীৰ আবেদন ‘উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰি ১ লাখ টকাৰ জৰিমণা বিহা হয়।

সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি ডিএন পেটেল আৰু বিচাৰপতি জ্যোতি সিংহৰ ডিভিজন বেঞ্চত উত্থাপিত হৈছিল এই বিষয়টো।

আদালতে কয় যে অতিমাৰিৰ মাজত চেণ্ট্ৰেল ভিস্তা প্ৰকল্পৰ কাম বন্ধ কৰাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে।

উল্লেখযোগ্য যে চুক্তি অনুসৰি নৱেম্বৰৰ মাজতে এই প্ৰকল্পৰ কাম শেষ কৰাৰ কথা ঠিকাদাৰী সংস্থা চাপুৰজি-পালোনজিৰ।